যোৱাবাৰ আহোঁতেও তেওঁক দেখিছিলোঁ। কথা বতৰা পতা হোৱা নাছিল। এইবাৰ তেওঁ মোৰ কাষৰ বিছনাখনতে মোৰ সংগী হৈ আছে।
মোৰ মানুহগৰাকীলৈ বৰ মৰম লাগে। তেওঁৰ হৰিণী চকুযুৰিৰ কৰুণতাই মোৰ অন্তৰত হুলে বিন্ধা দি বিন্ধে।
তেওঁ যেতিয়া নিশা দহবাৰৰো অধিক মোক— কেইটা বাজিল? কাইলৈ কি বাৰ? মোৰ নামটো কি? —সুধি থাকে, তেওঁ মোৰ টোপনি ভাঙি কিয় অসুবিধা দিয়ে বুলি তেওঁৰ ওপৰত মোৰ তিলমাত্ৰও খং নুঠে৷ মই গোটেই ৰাতি অস্থিৰতাত ভোগোঁ।
দুখে খুন্দা মাৰি ধৰে তেতিয়া, যেতিয়া নিশাটো মোক সুধি সুধি মুখস্থ কৰি থকাৰ পিছত পুৱা দেউতাকে আহি কি বাৰ বুলি সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁ কান্দে! সেমেনা-সেমেনি কৰি দোষী দোষী ভাবেৰে মূৰটো তল কৰি দেউতাকে খুৱাই দিয়া ব্ৰেকফাষ্ট খাই থাকে।
প্ৰথম অ-আ শিকোৱা শিশুৰ দৰে কলম-বহী লৈ দেউতাকে পুৱাই এ বি চি ডি...., ওৱান টু থ্ৰি শিকাই থাকে।
হয়। তেওঁ পঞ্চল্লিশ বছৰীয়া হ’লেও চাৰি বছৰীয়া শিশু এটিয়ে প্ৰথম অ-আ শিকাৰ দৰে এ বি চি ডি শিকিবলৈ আৰম্ভ কৰিছে।
নিয়তিয়ে তেওঁক পঞ্চল্লিশ বছৰীয়াৰ পৰা চাৰি বছৰীয়া কৰি পেলালে।
সম্ভ্ৰান্ত পৰিয়ালৰ। গৃহস্থও উচ্চ পদত কৰ্মস্থ। তেওঁ নিজেও ইঞ্জিনিয়াৰ। এটা সুখী পৰিয়াল। কিন্তু সুখক গচকি দুখে জীৱনত আধিপত্য স্থাপন কৰিবলৈ বেছি সময় লাগে জানো?
গৃহস্থৰ সৈতে একেলগে কৰ্মস্থলীলৈ ৰাওনা হৈছিল। দুৰ্ভাগ্যবশতঃ গাড়ীৰ দুৰ্ঘটনা হৈ তেওঁ নিজকে সম্পূৰ্ণ পাহৰি গ’ল। নিজৰ পিতৃয়ে বহু চিকিৎসাৰ জৰিয়তে তেখেতক অলপ আৰোগ্য কৰি তুলিছে।
স্বামীঘৰে ত্যাগ কৰিলে। তেওঁলোকে পঞ্চল্লিশ বছৰীয়া শিশু-আচৰণৰ পত্নীক বোজা হিচাপে গ্ৰহণ নকৰে। পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনৰ মধুৰতাক মষিমূৰ কৰি আদালতৰ জৰিয়তে জীৱনৰ পৰা একেবাৰে চুচি-মাজি উলিয়াই দিছে তেওঁক, তেওঁৰ স্বামীয়ে।
যিজনে সুস্থ অৱস্থাত প্ৰতিটো ক্ষণতে তেওঁৰ ওচৰত ছাঁ হৈ থাকিম বুলি দৃঢ়
প্ৰতিজ্ঞা কৰিছিল, সেইজনে এবাৰো ভাবি নাচালে- কিয় তেওঁ নিজৰ পত্নীক বোজা বুলি ভাবিছে?