গা ধুৱাই দিয়ে। ভৰিৰ আঙুলিৰ নখবোৰ গা ধোঁৱাৰ আগতে এৰাই পানীৰ লগত উটি যায়। তেজ মঙহ আৰু পানী মিশ্ৰিত এখন নৈ বৈ যায় তামোলৰ বাৰীখনলৈ।
গা ধুৱাই আনি এইবাৰ উশাহটো ঘূৰাই অনাৰ কাম। বেছি সময় বহি থাকিলে উশাহ ল’ব নোৱৰা হৈ যাওঁ। উশাহটো চুটি হৈ যায়। সিহঁত কেইজনী ‘তৎপৰ’ হৈ পৰে। পিঠিখন হেঁচি হেঁচি, বুকুত হাতেৰে মালিচ কৰি উশাহটো ঘূৰাই অনাত।
মা, আকৌ মোৰ নিম্ন অংশ পলিথিনৰ মাজত সযত্নে ভৰাই থোৱাত ব্যস্ত হয়।
কি হোৱা নাছিল মোৰ জীৱনত?
পৰিষ্কাৰকৈ ৰাখিছিল প্ৰতিদিনে মোক। যতনাই দিছিল প্ৰয়োজনীয় বস্তু বিনা প্ৰতিবাদে। মৰম দিছিল অধিক। মোৰ লগতে মোৰ কোঠাত প্ৰতি সাঁজ খাইছিল। মোক এৰি সিহঁতে এক পলো বেলেগত থকা নাছিল। দুখ পাইছিল মোক এৰি কাৰোবাৰ ঘৰত বিয়া-সবাহ খাবলৈ। দুখ পাইছিল মোক এৰি বিহু, দীপাৱলী, পূজা, উৎসৱ উপভোগ কৰিবলৈ।
আৰু যে ক’ত দুখ সিহঁতে মোৰ কাৰণে নলৈছিল। কিছুমানৰ উমান হয়তো ময়ো পোৱা নাছিলোঁ। কতজনে সিহঁতক মই মৰিলোনে জীয়াই আছোঁ বুলি কৰা প্ৰশ্নত সিহঁতৰ মনে আঘাত পাইছিল।
উত্তৰত মই মৰা নাই বুলি জনাই দিছিল।
২০০০ চনৰ জানুৱাৰী মাহত বাৰ বিয়াৰ দিন ঠিক হ’ল।
বিষাদ মিহলি বিয়াৰ আয়োজন। মিহলি হ’ল তাত মোৰ বাৰ ঠুনুকা মন, আমাৰ পৰা বিচ্ছেদৰ বাবে হাহাকাৰ নিশ্চুপ তাইৰ মুখৰ ভাষা। উদাসীন দুচকু। আৰু কি কি হোৱা নাছিল তাইৰ মনত!
তাৰ মাজতে মোক এলোপেথিক, হোমিওপেথিক ঔষধেৰে আৰোগ্য কৰি তোলাৰ আপ্ৰাণ প্ৰচেষ্টা। কাৰো মনত আনন্দ-ফুৰ্তি নাই। সকলো দায়বদ্ধ দায়িত্বৰ।
বিয়াৰ দিন কাষ চাপিল।
মায়ে এদিন মোৰ কাষত বহি ক’লে— তোক এটা কথা কওঁ। তই ৰাখিবি।
মই কলোঁ— হ’ব ৰাখিম।
মাই ক’লে-- জ্যোতিৰ বিয়াৰ দিনা তই নাকান্দিবি। মই কিয় বুলি সুধিবলৈ