দাৰিদ্ৰ্যৰ ভয়ানক ছবি। মই যাত্ৰাৰ আৰম্ভণিতে সন্মুখীন হ’লোঁ।
হৃদয়বিদাৰক আছিল দৃশ্যাংশ। স্বামীৰ মাৰ খাবলৈ পিঠি পাতি দিয়া মহিলাগৰাকীৰ হাড়ে-ছালে লগা শৰীৰৰ কায়টো দেখি। আউলি-বাউলি চুলিৰে বুকুৰ মাজত কেঁচুৱাটো সজোৰে আঁকোৱালি লৈ ‘মৰিলোঁ ঔ মৰিলোঁ ঔ’ সেই ব্ৰহ্মমুহূৰ্ততে তাল ফাল লগাই চিঞৰিছে।
কি ভুল কৰিছিল মহিলাগৰাকীয়ে?
কোনোবাই অট্টালিকা সাজি ৰাজভোগ কৰি জীৱন পাৰ কৰিছে। কোনোবাই আকৌ এসাঁজ ভাতৰ কাৰণে ৰাজভোগ কৰাজনৰ ওচৰত হাত পাতিছে।
আৰু সেই শিশুকেইটা ?
কোনোবাই খাই পেলাই দিয়া ‘পেপ্ছি, থাম্পশ্বাপ’ৰ বটলকেইটাৰ সাঁফৰ খুলি ওলোটা কৰি কৰি মুখত ভৰাই তলিত থকাখিনিকে টকলিয়াই টকলিয়াই সোৱাদ লৈছে।
ডাঠ কাগজ, পলিথিনেৰে ঘৰৰ বেৰবোৰ ঢকা। ৰাতি আকাশৰ তৰা গণিব পৰা ঘৰৰ মূধচ।
কি... জীৱন
দাৰিদ্ৰ্যই চেপি-খুন্দি কোঙা কৰা ব্ৰহ্ম আকাল জীৱন?
নে কি? চৰকাৰে ঢুকি নোপোৱা আঁচনিৰ জীৱন?
নে উচ্ছেদত ঘৰ-বাৰী ভাঙি দিনতে এন্ধাৰ কৰা জীৱন?
ৰে’লগাড়ীখনে আকৌ ঝক্ ঝক্ কৰি গতি কৰিলে উদং পথাৰখনক এৰি। ৰে’ললাইনৰ ওচৰত ওখ-চাপৰ বিৰিখবোৰক পিছলৈ এৰি।
কিন্তু মেঘবোৰ? আকাশখনেহে ৰে’লগাড়ীখনক এৰিব খোজা নাই।ৰে’লগাড়ীখনৰ লগে লগে গৈ আছে বতাহৰ বেগত। অনায়াসে।
চাহ। চাহ।
পুৱাৰ ঘৰৰ চাহকাপ দিবলৈ আহিছে। ৰে’লগাড়ীত গৰম চাহৰ কেট্লি, চাহৰ কাপ লৈ চাহ বিক্ৰী কৰা ল’ৰাজন। কোনোবাই চাহকাপ কিনি নিজৰ পুৱাৰ প্রয়োজন পূৰণ কৰাৰ লগতে, চাহ বিক্ৰী কৰা ল’ৰাজনকো আৰ্থিকভাৱে সহায় কৰি মন তৃপ্ত কৰিছে। কোনোজনে ঘৰৰ পৰা পুৱাৰ কাৰণে লৈ অহা চাহ পিবলৈ লৈছে।
মোৰ দৃষ্টি খোলা খিৰিকীৰ সুবৃহৎ পথাৰ, নীলা আকাশৰ মাজত ডুব গৈছে। উত্তাল বতাহে ৰে’লগাড়ীৰ গতিৰ লগত ফেৰ মাৰিছে।
কোঠাবন্দী জীৱনৰ পৰা জীৱনে এক নতুন সোৱাদ বিচাৰি পাইছে। পথাৰৰ