পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বাবুৰ বহুত বেয়া লাগিছিল। সি চি.এম.চি.ত প্ৰবীণক লগ পোৱাৰ পিছৰ পৰা দুয়োটাৰে মাজত এটা গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

 মই এইবাৰো ৰে’লত আহোঁতে তলপেট কৰিয়ে শুই আহিছোঁ। এইবাৰ অৱশ্যে মই প্ৰস্ৰাৱত শুই অহা নাই। ভালকৈ আহিছোঁ। ডাক্তৰে মোক খোজকাঢ়িব পৰা কৰি দিব নোৱাৰিলেও প্ৰস্ৰাৱত পৰি থকাৰ পৰা পৰিত্ৰাণ দিলে। চাৰি ঘন্টাৰ অন্তৰে অন্তৰে কেথেটাৰে প্ৰস্ৰাৱ বাহিৰ কৰোঁ।

 ৰে’লত তলপেট কৰি এইকাৰণে শুই আহিছিলোঁ। তিনিমাহৰ বেডৰেষ্ট শেষ নোহোৱাৰ কাৰণে ভৰিৰ প্লাষ্টাৰ খুলি দিয়া নাছিল। ঘৰত এমাহ বেডৰেষ্ট লৈ প্লাষ্টাৰ খুলিবলৈ ডাক্তৰে নিৰ্দেশ দি পঠাইছে।

 আমি ঘৰমুৱা হৈ আহিছোঁ। গছ-বন, পাহাৰ-ভৈয়াম পিছ পেলায়। এটা সুখৰ

ভাণ্ডাৰ কঢ়িয়াই লৈ...।

১৩৫