পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাঁহিটো আপোনাআপুনি ওঁঠত বিৰিঙে। আৰু যদি অহা নেদেখে মনটো সেমেকাই বহি থাকে। তেওঁৰ খং উঠাবলৈ বাবু, বিজয়, ভানু ভেয়াই যদি ছাতিটো লৈ যায় তেওঁ চিঞৰাত লাগে। ইমান বুজি পায় যে তেওঁলোকৰ বস্তু আনে লৈ গৈছে। দেউতাক অহাৰ লগে লগে কোনকেইজনে ছাতি লুকুৱাইছে আঙুলিৰে দেখুৱাই দিয়ে। দুই-তিনি মাহ একেলগে থকাৰ কাৰণে সকলো পেচেন্ট আৰু আত্মীয়ৰ লগত আপোনতাৰ ভাৱ গঢ়ি উঠিছিল। ইজনে সিজনৰ দুখৰ ভাৰখন বব নোৱাৰিলেও দুখত এষাৰ মাত দিয়ে, নিজৰ নিজৰ বুকুত এবোজা শোক বান্ধি।

১২৩