পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সন্মুখৰ বাৰাণ্ডাখনত বাঁহৰ কামিৰে ফুটা ফুটা কৰি বেৰ বনোৱা ঘৰটো। তাতে আমাৰ প্ৰথম আখৰ লিখিব-পঢ়িব শিকোৱা পাঠশালাখন। আমাৰ জন্ম বেৰেলীত হোৱা বাবে আমি হিন্দী অসমীয়া দুয়োটা ভাষাই কৈছিলোঁ। মায়ো ঘৰুৱা শিক্ষকজনক আমাক প্ৰথমে অসমীয়া আখৰকেইটা শিকাবলৈ দিছিল।

 বা আৰু মই সমবয়সৰ নহয় যদিও প্ৰথম শ্ৰেণীত দুয়োজনীকে একেলগে নামভৰ্তি কৰি দিছিল। ক্ৰমাগতভাৱে বছৰ বাগৰাৰ লগে লগে আমিও একেলগে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ। দেউতা সেনা বাহিনীত কৰ্মৰত, গতিকে ছুটীত ঘৰলৈ আহোঁতে তেওঁৰ কৰ্মৰত পোছাকযোৰ পিন্ধি আহে। বছৰত এবাৰ দেউতা ঘৰলৈ আহে। প্ৰতিটো মাঘৰ বিহুত। দুমাহৰ ছুটীত। দেউতা আহিলে নতুন কাপোৰ পোৱাৰ আনন্দত আমাৰ মনবোৰ যিমান প্ৰফুল্ল হৈ থাকিছিল, দেউতা আহি পোৱাৰ লগে লগে সকলো আনন্দ-উৎকণ্ঠা, হেঁপাহ পানী হৈ পৰিছিল। আমাৰ কণমানি কলিজাকেইটা ধপধপাইছিল। কাৰণ দেউতাৰ কৰ্মৰত পোছাকযোৰে আমাৰ মন সদায় ভীতিগ্ৰস্ত কৰি ৰাখিছিল। দেউতাই কৰ্মৰত পোছাকযোৰ পিন্ধি আহিলে আমি তেওঁৰ লগত সৰুতে সহজ হ'ব পৰা নাছিলোঁ।

 আমাৰ ঘৰটোৰ সন্মুখত দুহাত বহল আৰু আঠহাতমান দীঘল এখন আটোম-টোকাৰিকৈ সজা সৰু ফুলনিবাৰী, য'ত আমাৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছিল লহপহকৈ বাঢ়ি অহা ফুল গছবোৰ। ফুলনিখনৰ প্ৰতিটো ফুল, প্ৰতিটো পাতৰ আমি প্ৰহৰী আছিলোঁ। পুৱা শোৱাৰ পৰা উঠি চকু মোহাৰি কোনটো ফুল ফুলিছে, কোনটোৰ পাত মৰহিছে, তাক নিৰীক্ষণ কৰাৰ লগতে ফুলগছৰ গুৰিত পানী দিয়াৰ কাম। মই তৃতীয় শ্ৰেণীত থাকোঁতে ফুলনিখনৰ লগতে মোৰ আৰু এটা ডাঙৰ দায়িত্ব বাঢ়িল। ক'লা-বগা ফুটফুটীয়া অকণমানি মেকুৰী পোৱালি এটা ৰাস্তাৰ পৰা আনি মোৰ সংগী কৰি লৈছিলোঁহি। তাইৰ সুকোমল নোমাল গাটোত হাত ফুৰাই ফুৰাই বহু সময় তাইৰ লগত ওমলিছিলোঁ। তাইক বাটিত গাখীৰ খাবলৈ দিয়া, মৰমেৰে কোলাত লৈ টোপনি খেদোৱা, সকলো দায়িত্ব মোৰ আছিল। বা, মালা, বাবুৱে তাইক চুবলৈ ভয় কৰিছিল। মোৰ কিন্তু জন্তুৰ প্ৰতি বিশেষ ধৰণৰ

মৰম আছিল। মেকুৰী পোৱালিজনীয়ে মই স্কুলৰ পৰা অহাৰ লগে লগে নেজ দাঙি

১২