পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইমান কম বয়সৰ মৰমলগা জনীৰ কি হৈছে? কিয় তাই হাস্পতালৰ ‘আলহী’ হ’ব লগা হ’ল ? নানানটা প্রশ্ন মনত উদয় হ’ল। ভাল নালাগে ঘপহকৰে মাক-দেউতাকক ছােৱালীজনীৰ বিষয়ে সুধিবলৈ। তাতে মই বঙলাও ক’ব নাজানাে। প্রথমদিনাই মাৰ লগত চিনাকি হৈছিল ছােৱালীজনীৰ মাকে। মােৰ মায়ে অসমীয়া, বঙলা, হিন্দী তিনিওটা ভাষাতে কথা পাতিব পাৰিছিল। তাইক জনাৰ হেঁপাহ দমাই ৰাখিব নােৱাৰি মাক ক’লোঁ—‘ছােৱালীজনীৰ বিষয়ে মােৰ খুউব জানিবৰ মন গৈছে। আপুনি তাইৰ মাকক পৰিৱেশ চাই তাইৰ কি হৈছে, জানি আহি মােক জনাবচোন। মই তাইৰ বিষয়ে জানিব বিচাৰোঁ।’

 মায়ে সুবিধা চাই মাকৰ মনত আঘাত নিদিয়াকৈ ছােৱালীজনীৰ বিষয়ে সুধিলে। ছােৱালীজনীৰ মাকেও মােৰ বিষয়ে মাৰ পৰা জানিব বিচাৰিলে। মায়ে মােৰ কথাখিনিও সংক্ষিপ্তে কৈ আহিল।

 নামটো পাপৰি। মাক-দেউতাকৰ একমাত্ৰ ছােৱালী। জন্মৰপৰাই তাই দুর্বল আছিল যদিও স্কুললৈ অহা-যােৱা কৰিব পাৰিছিল। টিউশ্যনলৈ গৈছিল সেই দুর্বল দেহাৰে। মাক-দেউতাকৰ বিয়াৰ বাৰ বছৰৰ মূৰত হেনাে ঘৰখনত তাইৰ ফুলাম হাঁহি, কলকলনিত এক অনির্বচনীয় পৰিৱেশে বিৰাজ কৰিছিল। উজলি উঠিছিল মাক-দেউতাকৰ চকু। তাইক লৈ মাকহঁতৰ আশা, সপােনৰ সীমা নাই।

 ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিল। পখিলা খেদা ভৰি দুখনে দৌৰি পখিলা ধৰিব নােৱৰা হ’ল। অলপ খােজ কাঢ়িলে ভাগৰি পৰে। স্কুলত থৈ আহে, লৈ আহে। সাত-আঠ বছৰ বয়সলৈকে শীর্ণকায় শৰীৰটোৰে অ’ত-ত’ত পৰি শৈশৱৰ মধুৰ মুহূর্তবােৰ পাৰ কৰিছিল। নাছিল তাইৰ হেনাে দুখ পােৱালৈ আক্ষেপ। মাত্র ওমলিছিল তাই। স্মৃতিৰ মণিকোঠাত সৰু-বৰ মিঠা অনুভুতিবােৰে ভৰাই তুলিছিল।

 আঠ বছৰ বয়সত তাই এবাৰ বিল্ডিঙৰ ছিৰিৰে তললৈ নামি আহোঁতে ভৰিত শক্তি নাপাই পৰি গ’ল। তেতিয়াই তাইৰ ৰাজহাড়ডালত কষ্ট পালে। লাহে লাহে তাই আগতকৈ বেছি দুর্বল হৈ আহিল। বিভিন্নজন ডাক্তৰৰ পৰামৰ্শ ল’লে। নাই তাই অধিক বেয়াৰ ফালেহে ঢাল খালে। তেতিয়ালৈকে তাই মুখেৰে কথাখিনি ভালদৰে ক’ব পাৰিছিল। এদিনাখন, তাই মনৰ জোৰত মাক-দেউতাক ওচৰত নাথাকোঁতে ওপৰৰ পৰা তলৰ কোঠালৈ ছিৰিৰে নামি আহোঁতেই আকৌ পৰি গ’ল। হুৱাদুৱা লাগিল। তাইক হাস্পতাললৈ নিলো ডাক্তৰে পৰীক্ষা কৰি ক’লে—ডিঙিৰ পিছফালৰ

হাড়ডালত তীব্রভাৱে কষ্ট পাইছে। মুখখন বেঁকা হৈ গ’ল। ডিঙিটো পােনাই থাকিব

১১৬