পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিলোঁ খন্তেক সময়। অনিশৰ দেউতাকে খোজ কাঢ়িব নোৱাৰে। নাৰিকল গছৰ পৰা পৰি কঁকালৰ হাড়ডাল ভাগি গ’ল। দেউতাকৰ চিকিৎসাৰ কাৰণে হাস্পতালত আছেহি। সি এটা জোতা বনোৱা ফেক্টৰীত কাম কৰে।

 আমাৰ পাঁচজনীয়া বিছনাযুক্ত কোঠাত এতিয়া প্ৰথমখন বিছনালৈ তপস্বী নামৰ এগৰাকী পঁচপন্ন বছৰীয়া মহিলা আহিছে। তেওঁৰ লগত আহিছে আশী বছৰীয়া বৃদ্ধ দেউতাক আৰু এগৰাকী সহায়িকা পঞ্চাছ বছৰীয়া মানৰ। মুখেৰে কথা ক’ব নোৱাৰে। বাওঁহাতখনে অনবৰতে মুখৰ পৰা ওলোৱা থুখিনি আঁজুৰি আঁজুৰি পেলাই থাকে। গোল গোল চকুকেইটাই ট’ ট’ কৈ চাই থাকে। আঁঠুলৈকে পৰা এটা ফ্ৰক পিন্ধাই থয়। বহুত শকত। সম্পূৰ্ণকৈ নহ’লেও অলপকৈ মগজুৱে কাম নকৰে৷ বুজি নোপোৱাও নহয়, বুজি পায় অলপকৈ।

 দেউতাকক দূৰত দেখিলে এটা বিকট চিঞৰ মাৰে, মানে আহ মোৰ ওচৰলৈ। ক’ত গৈছিলি। মানুহগৰাকী বিবাহৰ পিছত সকলো ঠিক-ঠাকে চলিছিল। বছৰ বাগৰাৰ লগে লগে মানুহগৰাকীক সন্তান জন্ম দিব নোৱৰাৰ দোষত অমানুষিক শাৰীৰিক-মানসিক অত্যাচাৰ চলাবলৈ ল’লে শিক্ষিত চাকৰিয়াল স্বামীয়ে। বেত্ৰাঘাত, অভব্য শব্দৰে থকা-সৰকা কৰিলে হৃদয়। নিৰ্যাতন চলিল প্ৰতি প্ৰহৰ। স্বামীৰ ঘৰ এৰি আহিব নোৱাৰে। সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী। আহিলেও দেইতাকৰ ঘৰত থাকিব কাৰ লগত। উলিয়াই দিয়া ছোৱালী ককায়েক-ভায়েকহঁতে সাবটি নল’লে কি হ’ব। মাক নাই, দেউতাক আছে। গতিশীল সময়ৰ লগে লগে নিৰ্যাতনৰ তাপমাত্ৰা বাঢ়ি গৈ থাকিল। অৱশেষত মানসিক-শাৰীৰিকভাবে সম্পূৰ্ণৰূপে পাশৱিক অত্যাচাৰেৰে বিধস্ত কৰি দেউতাকৰ চোতালত পেলাই থৈ গ’লহি। তেতিয়াহে দেউতাকে গম পালে জীয়েকৰ জীৱনৰ দিনলিপি। যমৰ যাতনা অত্যাচাৰ। ততাতৈয়াকৈ ডাক্তৰৰ ওচৰলৈ নিলে। মানসিক-শাৰীৰিক ভাৱে সম্পূৰ্ণ কোঙা হৈ পৰিল। কোনো এটা বস্তুও হাতেৰে খামুচি ধৰিলে সাধ্য নাই সহজে এৰুৱাই আনিবলৈ। বহুত সময় যুঁজি যুঁজিহে আঁতৰাই আনিব পাৰে।

 কি যে জীৱন। দেউতাকেই প্ৰস্ৰাৱ পায়খানা পৰিষ্কৰ কৰে। হাঁহিটো ধুনীয়া।

কোনোৱাই যদি দেউতাক নথকা সময়ত জোকাবলৈ বাবা আহিছে বুলি কয় তেওঁৰ

১২২