পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেনেদৰে গছৰ পাতেৰে সৰকি পানীৰ পুলটোত জিলিঙনি তুলিছে! ফিৰফিৰীয়া বতাহছাটিয়ে কেনেকৈ তোমাৰ গাল চুমিছে। তুমি বাৰু এতিয়াও নিসংগ বুলি ভাবি আছা নেকি?

 মোৰ কাৰণে এখন ‘হুইলচেয়াৰ’ অপৰিহাৰ্য হোৱা গতিকে হুইলচেয়াৰ এখন কিনি আনিলে ঘৰত ব্যৱহাৰ কৰিবলৈ। ইয়াৰ আগতেও দেউতাই মোৰ অসুখৰ এবছৰৰ পিছত এখন হুইলচেয়াৰ কৰ্মস্থান দিল্লীৰ পৰা কিনি দিছিল। যিখন মই ব্যৱহাৰ নকৰাকৈ থৈ দিওঁতে দিওঁতে বেয়া হৈ গ’ল। অবশ্যে ব্যৱহাৰ কৰিবলৈকো প্ৰতিপল প্ৰস্ৰাৱ নিগৰি থাকে, গতিকে বহাই হোৱা নাছিল।

 ছিষ্টাৰ অনুগ্ৰহ কৰি খিৰিকীৰ পৰ্দাখন পেলাই দিব নেকি?

 কিয়? কিয় মই দিব লাগে? মাৰ আছে, মাৰক জগাই দে।

 সম্পূৰ্ণৰূপে কৰ্কশ শব্দকেইটাই খন্তেকতে বহুদিনৰ পৰা জমা হৈ থকা বুকুৰ বেজাৰখিনি ঠেলি-হেঁচি চকুলো হৈ বাগৰি আহিল জৰজৰ কৰি। সজোৰে শব্দ কৰি কান্দিব ধৰিলোঁ। ঠাহ খাই থকা দুখবিলাকে সুৰুঙা এটাহে পালে বৰফ পানীলৈ ৰূপান্তৰ হ’বলৈ।

 মায়ে টোপনিৰ পৰা খকামকাকৈ উঠি কি হ’ল, কিয় কান্দিছ বুলি হুৱাদুৱা লগালে। নাৰ্ছগৰাকীয়ে থেৰো-গোঁৰো কৰি ৰৈ থাকিল। মই মাক কান্দি কান্দিয়ে ক’লোঁ। মা, মই ছিষ্টাৰক অনুগ্ৰহ কৰি খিৰিকীখনৰ পৰ্দাখন নমাই দিব কৈছিলোঁ ছিষ্টাৰে মাৰক টোপনিৰপৰা জগাই পৰ্দা নমাব ক বুলি বহুত বেয়াকৈ কৈছে। মই বহুত দুখ পাইছোঁ। মাৰ খং উঠি ছিষ্টাৰক ক’লে, মোৰ ছোৱালীক মই আজিলৈকে এনেকুৱা কোনো কথা কোৱা নাই মাক হৈ, যি নেকি তাই কান্দিবলগীয়াত পৰিছে আৰু আপুনি এই সামান্য কথাটোতে তাইক এই দুপৰ নিশা কান্দিবলৈ বাধ্য কৰিলে। বহুত বেয়া কৰিলে আপুনি।

 কোঠাটোত থকা অন্যসকলেও উঠি আহি নাৰ্ছগৰাকীক আপুনি বেয়া কৰিলে বুলি মন্তব্য দিলে। নাৰ্ছগৰাকীয়ে নিশাৰ বাৰটা বজাৰ ঔষধটো মোক খাবলৈ দি গুচি গ’ল। ময়ো উচুপি উচুপি শুই থাকিলোঁ।

 পিছদিনাখন নাৰ্ছসকলৰ মুখ্য নাৰ্ছগৰাকী আমাৰ ওচৰলৈ আহিল, আগনিশাৰ

১৩২