পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নামটো শ্যামলী, বঙালী সম্প্ৰদায়ৰ। ধুনীয়া মুখখনিৰে সৰল বাৰ্তালাপৰ এগৰাকী পঁচিছ বছৰীয়ামান শিৰত সেন্দুৰ নল’লে বোৱাৰী বুলি ক’ব নোৱৰা ছোৱালী। মাক দেউতাকৰ একমাত্ৰ ছোৱালী। এবছৰীয়া সন্তান এটিৰ মাতৃ শ্যামলী। উদাসীনতাই লেপি থকা দুচকু। হাস্পতালৰ সমূহীয়া ফোনটো বাজিলে মাকৰ ফালে কৰুণকৈ চায়। কিজানি স্বামীৰ ঘৰৰ পৰা কোনোবাই খবৰ ল’বলৈ ফোন কৰিছেই! কণমানিটো কেনে আছে জনাব নেকি? শ্যামলীয়ে খোজ কাঢ়িব নোৱাৰে।

 নাই? তাইলৈ কোনোদিনে স্বামীৰ ঘৰৰ পৰা ফোন নাহে। দেউতাকেহে আজি আহি দুঃসংবাদটো দিলে। তাইক হেনো ল’ৰাটো নিদিয়ে। স্বামীৰ ঘৰে ৰাখিব।

 সেই দুঃসংবাদৰ হিয়া ৰুকি ৰুকি ওলাই অহা উচুপনিয়ে মোৰ কৰ্ণকুহৰত স্পৰ্শ কৰি কলিজাত স্পৰ্শ কৰিছেহি। কি দুখত বাৰু শ্যামলীয়ে দুমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়াইছিল?

 আজি অ’টিত দেখি অহা বিৰহখিনিক পাহৰিব পৰা নাই। আকৌ এটা দুখে চুলে অন্তৰখন। আক্ষেপতে গাই যায়—

 “মেৰা জীৱন কোৰা কাগজ

 কোৰা হী ৰেহ গয়া-।”

 দীঘলকৈ কপালৰ পৰাই শিৰত সেন্দুৰ লয় স্বামীৰ দীৰ্ঘায়ু কামনা কৰি। ফোটটোও লয় আঁতৰৰ পৰাই বেলিটোৰ দৰে ৰঙা হৈ জিলিকি থকাকৈ। কিহৰ প্ৰতীক্ষাত পানীৰ দৰে টকা খৰচ কৰিছে? ‘আশা’ নামৰ দুটা বৰ্ণৰ এটা শব্দৰ কাৰণে? দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি কৈ গৈছিল– উলাহে নধৰা হৈ গৈছিল চতুৰ্দিশে।আজি বছৰৰ শেষ দিন। কালিলৈ নতুন বছৰ আৰম্ভ হ’ব। পুৰণা বছৰৰ শেষ দিনটোক আনন্দ-স্ফুৰ্তিৰে বিদায় দিবলৈ যো-জা কৰিছিলোঁ। তেতিয়াই আহিল দুঃসংবাদটো।

 বাইক দুৰ্ঘটনাত সম্পূৰ্ণৰূপে আঘাত পাই ক’মালৈ গ’ল। সকলো আনন্দ উল্লাস খন্তেকতে নিঃশেষ হৈ গ’ল। অন্তহীন আশা লৈ প্ৰতিপল প্ৰতীক্ষাত আছে-সংজ্ঞা ঘূৰাই পাব। ল’ৰা-ছোৱালী দুটাক মুখেৰে মাত দিব। আজি সেয়ে বুকুৰ মাজত অহৰ্নিশে লৈ ফুৰা ল’ৰা-ছোৱালীহালৰ ফটো দেখুৱাই এইটো কোন, সেইটো

১২৬