কোন সুধি থকা দৃশ্য দেখি মোৰ হৃদয়খন মোচৰ খাই গৈছিল। সংজ্ঞা ঘূৰাই আনিবলৈ অলপ ‘তপত’ পানী গিলাচত ভৰাই ভৰিত লগাই দিওঁতে মানুহজনে অলপকৈ ভৰিখন আঁতৰাই আনোতে দুখ-আনন্দত কেনেকৈ চিঞৰি দিছিল।
অলপকৈ আকৌ লৰাই দিয়কচোন। আপুনি ভাল হৈ যাব দিয়ক। আমাৰ সিহঁত দুটাই সদায় ফোনত সুধি থাকে। দেউতা কেতিয়া আহিব? আপুনি শুনিছেনে?
হাঁকুটীৰে কলিজা টানি-আঁজুৰি উলিয়াই আনি মেচী দাৰে ঘপিয়াই ঘপিয়াই টুকুৰা-টুকুৰ কৰা দুখৰ যন্ত্ৰণা। আস... ।
পি. টিৰ ৰাউণ্ডৰ পিছত ডাক্তৰে “কেলিপাৰ”, জোতা-মোজা কিনি আনিবলৈ দিলে মোৰ কাৰণে। “কেলিপাৰ” হ’ল এবিধ ষ্টিলৰ ফ্ৰেমৰ ভৰিৰ ওপৰৰ অংশৰ পৰা ভৰিৰ পতালৈকে কাৰুকাৰ্য্যৰে সজা জোতাৰ লগত পিন্ধি খোজ কাঢ়িব পৰা কৌশলেৰে সজা সৰঞ্জাম।
অপাৰ আনন্দ। স্তৰে স্তৰে সুখানুভূতিয়ে স্পৰ্শ কৰিছে। মই আকৌ ‘খোজ’ কাঢ়িম৷ নিজৰ ভৰিৰ জোৰেৰে নহ’লেও ‘কেলিপাৰ’ৰ সহায়ত মই খোজ কাঢ়িম।লেপেটা খাই পৰি থকা বিছনাখন এৰি মই মুকলি আকাশৰ তলত খোজ কাঢ়িম।জোনজনীৰ ওচৰত এতিয়াৰ পৰা অভিমান কৰিব নালাগে। মোৰ কোঠাৰ অকণমানি খিৰিকীখনেৰে অতি কম সময় মোৰ লগত পাৰ কৰা গতিকে।
এতিয়াৰ পৰা জোনাকৰ দিনত মই তৰাই তিৰবিৰাই থকা আকাশৰ তলত নিশা এপৰলৈকে বহি থাকিম। ক’ত লুকাব জোনজনী? যেনিয়ে যাব, সেই ফালেই মোক লগ পাব। মেঘে বাৰু আঁৰ কৰি ধৰিব নেকি?
জোতা-মোজা কিনি আনিলে। ‘কেলিপাৰ’ও আহিল। এতিয়া মাজত এটা দিন
ব্যায়াম কৰি মঙলবাৰৰ পৰা কেলিপাৰ পিন্ধাই থিয় কৰাব। সোমবাৰ পি.টিৰ পুশ্ব-আপ, স্পাইনেল কৰ্ড, ডাম-বেল স্প্ৰিং টনাৰ পিছত। ভৰিৰ ব্যায়াম কৰিবলৈ সেইদিনা শ্বৰীফ ছাৰৰ লগতে সুন্দৰ ছাৰ আহিল। এওঁ মোৰ বিষয়ে সিমান জনা নাছিল যে ভৰিৰ দুখন জোৰত হেঁচি দিলে ভাঙি যাবও পাৰে। সুন্দৰ ছাৰে জোৰত জোৰত শক্তি প্ৰয়োগ কৰি ভৰি ব্যায়াম কৰি থাকিল। মই এবাৰ ক’লোঁ—- ‘ইমান জোৰত নিদিব। মই দুখ পাইছোঁ।’ ভাঙি যাব। তেওঁ মোৰ কথাষাৰত কাণসাৰ কৰা