পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বুদ্ধি সজা মতে, মই এটা এটাকৈ গোটাই থ'লোঁ। মায়ে যেতিয়া ‘শ্লিপিং’ টেবলেটটো মোৰ হাতত তুলি দিয়ে-- এক শূন্যতাই হেঁচা মাৰি ধৰে বুকুখন। পৰিমাপহীন বিষাদে কোলাহল কৰি তোলে কোঠাটো।

 মাৰ চকুত চকু থ’ব নোৱাৰোঁ।

 মই মা-দেউতা, বা, মালা, বাবুক চিৰদিনৰ বাবে এৰি যোৱাৰ যি প্ৰস্তুতি আৰম্ভ কৰিছোঁ , তাৰ উমান ঘুণাক্ষৰেও সিহঁতে গম নাপায়। সেই কথা ভাবি আতুৰ হৈ পৰোঁ।

 যিদিনা মায়ে ‘শ্লিপিং’ টেবলেট খাব দি ভাবিছিল—মই শান্তিৰে আজি টোপনি যাম। সেই ৰাতি টোপনিৰ বিপৰীতে মই যে গোটেই ৰাতি উজাগৰে থাকি চকুৰ পানীৰে গাৰু তিয়াইছিলোঁ মা অজ্ঞাত আছিল। গোটেই ৰাতি নিঃশব্দে চকুলো টুকিছিলোঁ। কান্দোনৰ উচ্চাৰণ ডাঙৰ হ'লে মাহঁতে টোপনিৰ পৰা সাৰ পাই যাব বুলি উশাহটোও মই নিজে উমান নোপোৱাকৈ লৈছিলোঁ।

 মোৰ অন্তহীন দুখৰ জীৱন আৰম্ভ হোৱা দিনৰ পৰা এটা নিশাও বাদ পৰা নাছিল চকুলোৰে সিক্ত দুনয়নৰ লগত পাৰ নকৰা। মই গোটেই নিশা হিয়া উজাৰি কান্দিছিলোঁ এইকাৰণতে পিছদিনা ঘৰখনৰ লগত এটা সুন্দৰ হাঁহি, আনন্দৰ পৰিবেশ গঢ়ি তুলিবলৈ।

 প্ৰতিনিশাৰ কান্দোনে মোক সাহস দিছিল পিছদিনা হাঁহিবলৈ।

 মই দুখৰ পোছাক পিন্ধি সুখী হোৱাৰ অভিনয় কৰিছিলোঁ। কোনোদিনে দুখ- যন্ত্ৰণা, পোৱা- নোপোৱাৰ হিচাপ কৰি ঘৰখনৰ মানুহখিনিৰ মনত মনোকষ্ট দিয়া নাছিলোঁ।

 এটা, দুটা, তিনিটা। কিমান দিনৰ অন্তত দহটা হ’ব? সময় যেন লেহেমীয়া গতিত গতি কৰিছে। টেলেটকেইটা ঘৰৰ মানুহে পায় বুলি সতৰ্কতাৰে বিছনাৰ তলত লুকুৱাই থৈছিলোঁ। মাজে মাজে ভয় হৈছিল, কোনোবাই পায় নেকি?

 আজি দহটা হ’ব। একেলগে খাই দিম। পুৱাৰ পৰা অধিক অপেক্ষাৰে ক্ষণ গণি থাকিলোঁ। মুক্তিৰ সময় সমাগত হোৱাত মনটো দুখ-বেদনাই মৰ্মাহত কৰি তুলিছিল।

 আজি মোৰ জীৱনৰ অন্তিম দিন। মৃত্যুৰ কোলাত প্ৰশান্তিৰে শুই পৰিম চিৰদিনলৈ! মাহঁতৰ মৰম-চেনেহ এৰি মই গুচি যাম!

 মোৰ মৃত্যুৰ পিছত মা-দেউতাই বাৰু কিমান কান্দিব?

 বা, মালা আৰু বাবুৱে মোক কিমান দিনলৈ মনত পেলাই কান্দিব? সিহঁতেতো মোক বহু মৰম কৰে। অসুখ হোৱাৰ পিছতো সিহঁতে প্ৰতিটো পল মোৰ লগত পাৰ

৩৮