পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মােৰ অসহনীয়তা। তাত উপস্থিত থকা প্ৰায়খিনিয়ে মােৰ ব্যক্তিত্বৰ লগত পৰিচয় হৈ গৈছিল কম-বেছি পৰিমাণে। মই কথা নকওঁ। মৌনতাই মােৰ সংগী।

 এদিনাখনৰ কথা, তেতিয়ালৈকে মই দুটা সপ্তাহৰ বুধবাৰত পলাইছোঁ। এটা সপ্তাহৰ বুধবাৰত উপস্থিত আছোঁ সম্পূর্ণ মৌনতাৰে। যিদিনাৰ কথা ক’বলৈ ওলাইছোঁ সেইদিনা পলাবলৈ বিচাৰোঁতেই আগতেই মােৰ কাৰণে যাব নােৱৰাকৈ পাতি থােৱা ফান্দত পৰিলোঁ।

 ঘূৰণীয়াকৈ ষ্ট্ৰেছাৰত পি.টি.ৰ ডাঙৰ কোঠাটোত সকলাে পেচেণ্ট উপস্থিত। মােক বন্দী কৰি অনা চিকাৰৰ দৰে উপস্থিত কৰি অ.’টি.ৰ যুবৰ্ট ছাৰ, বিমল ছাৰ আৰু সংগীতা মেডামে ক’লে - আজি যদি এওঁ কথা নকয়, তেনেহ’লে ইয়াত উপস্থিত থকা কোনােৱে চাহ খাব নােৱাৰিব। যদি এওঁৰ অন্তৰে সকলােকে চাহ খােৱাৰ পৰা বঞ্চিত হােৱাটো নিবিচাৰে, তেনেহ’লে আজি কথা ক’ব লাগিব। উপায়হীন হৈ পৰিলোঁ। মােৰ কাৰণে যদি এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ’বলগীয়া হয়, মই নিজকেচোন ক্ষমা কৰিব নােৱাৰিম – কি কৰা যায় ?

 আলােচনা আৰম্ভ হ'ল। তাতে অসমৰ বৰপেটাৰ অজয় নামৰ এজন লৰা পেচেণ্ট হৈ আছিল। তেওঁৰ আকৌ গাড়ীৰ পৰা ধানৰ বস্তা নমাওঁতে কিবা স্বৰূপত ধানৰ বস্তাৰ তলত পৰি কঁকালৰ নিম্ন অংশ অসাৰ হৈ পৰিল। দৰিদ্ৰ পৰিয়াল। যেনেতেনে পেটৰ ভাতমুঠি যােগাৰ কৰি খাই আছিল। তাক নিয়তিয়ে দিলে এখন সাঁতুৰিব নােৱৰা মহাসাগৰত পেলাই।

 সেইদিনা, তেওঁ মনৰ কথা ক’ব বিচাৰিলে। আধা হিন্দী আধা অসমীয়াত কৈ গ’ল, তেওঁৰ দুৰ্ঘটনাৰ আগৰ আৰু পিছৰছােৱা দুর্দশাগ্রস্ত জীৱনৰ কথা। তেওঁক দুখ-হতাশাই এনেদৰে আৱৰি ধৰিছিল কথাখিনি কৈ শেষ কৰি হুক্‌হুকাই কান্দি দিলে। তেতিয়া মই তেওঁক মাত দিলোঁ, দাদা নাকান্দিব। মানুহৰ জীৱনটোৱে সংগ্রাম, ঘাত-প্রতিঘাত আছে, সুখ-দুখ আছে। দুখে কাকো আগজাননী দি নাহে। আপুনি যিকেইটা কথা কৈ দুখ কৰিছে, সেইকেইটা দুখ কৰিবলগীয়া কথা যদিও সেইকেইটা দুখক লৈ সিমান বিচলিত নহ’ব। সময় গতিশীল। গতিশীল সময়ে মানুহক ব্যস্ত কৰি তুলিছে। আজি আপােনাৰ লগৰ বন্ধু আহি খবৰ নলয় বা খবৰ ল’বলৈ সময় নাই। কোনােজন আপােনাৰ আত্মীয়ৰৰ আজি খবৰ ল’বলৈ সময় নাই। টকা-পইচা দিব লাগে বুলি আপােনাক মাত এষাৰ নিদিয়ে। আপুনি ঋণ পৰিশােধ কৰিব নােৱাৰিব বুলি ঋণলৈ টকা নিদিয়ে। দিব বিচাৰিলেও মাটি এডােখৰ তেওঁৰ নামত লিখি দিব লাগে নহ’লে সুদত টকা নিদিয়ে। সেইটো বৰ্তমানৰ প্রচলিত প্রথা। কোনােৱে কাকো

১১২