নাছিল। বাবু আৰু মাৰ বুকু ধপধপাই আছিল। দুজন মানুহে গাৰ বলে ভৰিখনৰ ওপৰত চাৰিখন হাতেৰে সৰ্বশক্তি প্ৰয়োগ কৰি হেঁচিলে।
মাৰ মুখৰ পৰা আৰ্তনাদ হৈ ওলাই আহিল--- গ’ল।
বাবুৰ মুখেৰে স্বতঃস্ফুৰ্তে ফুটি উঠিল --- ভাঙিল।
মুহূৰ্ততে এক নতুন পৰিস্থিতিৰ উদ্ভব হ’ল। দৌৰা দৌৰি লাগিল। চিঞৰ-বাখৰ লাগিল। ততাতৈয়াকৈ মোক লৈ গ’ল ডাক্তৰৰ কোঠালৈ। আকাশ-বতাহ একাকাৰ হৈ পৰিল মোৰ হিয়া ধাকুৰা কান্দোনত। মা-বাবুৰ চকুলোৰে বাট নেদেখা হ’ল চকুলোৰে। ডাক্তৰৰ তৎপৰতা, নাৰ্ছৰ তৎপৰতা। শ্বৰীফ ছাৰ আৰু সুন্দৰ ছাৰৰ আতংকিত বুকুৰ ধপ্ধপনি।
এক অবাঞ্ছিত পৰিৱেশ। মোৰ চিঞৰত হাস্পতালৰ মানুহবিলাকেও জানিবলৈ উৎসুক হৈ পৰিছে। কি হ’ল এদিনো চকুত চকুপানী নেদেখা ছোৱালীজনীৰ? কিয় কান্দিছে এনেদৰে গগন ফলা চিঞৰত? পৰিৱেশটোৱেই উত্তাল হৈ পৰিছে। ডাক্তৰে পৰীক্ষা কৰি ঘোষণা কৰিলে— বাওঁ ভৰিৰ ডাঙৰ হাড় এডাল ভাঙিছে।
‘আশা’ টুকুৰা টুকুৰ হৈ পৰিল। খোজকঢ়াৰ প্ৰতীক্ষা প্ৰতীক্ষা হৈয়েই ৰ’ল। আমাৰ অতদিনৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল চকুৰ পানীত। তৎকালীনভাৱে ভৰি প্লাষ্টাৰ কৰি তিনিমাহৰ বিশ্ৰাম দিলে। ক’তো ওলাই যাব নোৱাৰোঁ। বহিব নোৱাৰোঁ।ইকাতি-সিকাতি হ’ব নোৱাৰোঁ। পাৰ কৰি অহা সাত বছৰ জড়ীভূত জীৱনে পুনৰ সাবটি ল’লে।
আকৌ এবাৰ আত্মসমৰ্পণ কৰিলোঁ ‘নিয়তি’ৰ ওচৰত। দুখে সহিব পৰা সীমা অতিক্ৰম কৰিলে। মোৰ শান্ত, মৌন, উদাসীনতাই পৰিবেশটোকে পৰিবৰ্তন কৰি পেলালে। ক্ষোভ, হতাশা, যন্ত্ৰণাৰে সংপৃক্ত মুহূৰ্তবোৰত মনক কি বুলি বুজনি দিম। সান্ত্বনাৰ অনুপাতে ‘দুখ’ আহিছিল বহু উৰ্ধ্বত। এটা নতুন সংগ্ৰামপূৰ্ণ সময়ে আহ্বান জনালে আমাক।
মই খোজকঢ়াৰ ‘আশা’ ত্যাগ কৰিলোঁ। শ্বৰীফ ছাৰে দোষী দোষীভাৱে আহি তেওঁৰ ভুলৰ কাৰণে অনুসূচনা কৰিলে, শিললৈ পৰিণত হোৱা মোৰ মূৰ্তিৰ ওচৰত।ডাক্তৰে অ’ টিৰ ফিজিঅ’থেৰাপিষ্ট বিমল, যুৰ্বত, সংগীতা মেডামক নিৰ্দেশ দিলে--