পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকুযোৰলৈ চাই ক'লে— সুপ্ৰভাত। তুমি জানানে? জীৱন বিচিত্ৰ। ক'ত, কেতিয়া, কি হয় কোনেও ক'ব নোৱাৰে। জীৱনে দিয়াখিনিকো উপহাস কৰি চলিব নোৱাৰোঁ। তোমাক সান্ত্বনাৰ নামত এটা শব্দও ক’বলৈ মোৰ নাই। সময়ত বুজিবা।

 মই মৌন হৈ তেওঁৰ প্ৰেৰণাদায়ক শব্দবোৰ শুনি গৈ আছোঁ আৰু তেওঁ মোক ব্যায়াম কৰাই আছে।

 ব্যায়াম কৰাই তেওঁ গুচি গ'ল— মোৰ মন-মগজুত আগতে কেতিয়াও স্পৰ্শ নকৰা কিছুমান শব্দ কৈ।

 ছয় মাৰ্চ। হাস্পতালৰ পৰা ঘৰলৈ উভতিলোঁ। লগত লৈ আহিলোঁ যন্ত্ৰণাদগ্ধ এখন হৃদয়। নিয়তিয়ে জীৱনৰ সোণালী সপোনবোৰ মষিমূৰ কৰা দুচকু। অচল দুভৰি।

 ঘৰত আহি জানিলোঁ দেউতাই মোক গুৱাহাটীৰ হাস্পতালত থৈ ঘৰলৈ ঘূৰি আহোঁতে বাটত দেউতাহঁতৰ গাড়ীখনৰ দুৰ্ঘটনা হোৱাত দেউতাৰ সোঁহাতৰ বাহুটো খহি গ'ল আৰু সোঁহাতৰ তলুৱাখন কাটি পাঁচটা চিলাই পৰিছে। দুখৰ উপৰি দুখ।

 দেউতা দুৰ্ঘটনাত পতিত হোৱাৰ পিছত এবাৰ হাস্পতাললৈ গৈছিল, ডাক্তৰক হাতখন দেখুওৱাবলৈ। কিন্তু দেউতাৰ কথা জানি আকৌ বেছিকৈ দুখ পাম বুলি মোক দেখা নকৰাকৈ ঘৰলৈ ঘূৰি আহিছিল।

 মোৰ জীৱনৰ সৈতে নিহিত হৈছিল কিছুমান তিতা ভৱিষ্যতৰ শংকা। পুৱাতে আন্ধাৰ দেখিলোঁ। শৰীৰটো নিজে লৰচৰ কৰিব নোৱাৰোঁ, আনে কাপোৰ পিন্ধাই দিয়ে এক সীমাবদ্ধ যন্ত্ৰণাগধুৰ আৰু শ্বাসৰুদ্ধকৰ এৰাই চলিব নোৱৰা জীৱন। মই কন্দা নাছিলোঁ।

 কিন্তু মাৰ চকুৰে ধাৰাসাৰে চকুপানী বৈ থকা দেখিছিলোঁ। দেউতা, বা, মালা, বাবুৰ মুখবোৰ বিষণ্ণতাৰ প্ৰলেপে ছানি ধৰিছিল। চৌপাশে আগুৰি ধৰিছিল এক অনিশ্চয়তাৰ গভীৰ অমানিশাই।

 মোক লৈ গ'ল এখন স্বপ্নহীন, জীৱন বিমুখ দেশলৈ য'ত মই এই ভৰপূৰ পৃথিৱীখনৰ প্ৰতিটো সৌন্দৰ্যৰ পৰা আঁতৰি আহি এটা কোঠাত বন্দী জীৱন সাৱটি ল’বলৈ বাধ্য হ'লোঁ। বিছনাখনতে খোৱা, শোৱা, শৌচ-প্ৰস্ৰাৱ কৰা সকলোখিনি কৰিব লগাত পৰিল। টান পাইছিলোঁ। সৰুৰে পৰাই মই চাফা, পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাল পাইছিলোঁ। আৰু এতিয়া?

 গভীৰ নিশা নিস্তব্ধতাৰ ফাঁকে ফাঁকে হাতত সাৰে ভৰিত সাৰে আন্ধাৰৰ চিতাত ডুবি থকা হৃদয়খনে উচুপি উচুপি কান্দিছিল। নিজকে অসহায় অনুভৱ কৰিছিলোঁ।

৪৮