হানি দিয়ে। হয়তো এই আঘাতৰ ‘বিষ’ নোপোৱাজনে উপলব্ধি কৰিব নোৱাৰিব। যি গৰাকীয়ে বিয়াৰ পিছত সন্তান জন্ম দিব নোৱাৰি ‘মা’ শব্দটোৰ অধিকাৰী হ’ব নোৱাৰে, সেইগৰাকীয়ে মা শব্দৰ বিপৰীতে ‘বাঁজী’ নাম ল’ব লাগে।
সমাজে তেওঁক ‘বাঁজী’ বুলি পৰিচয় কৰাই দিয়ে, সমাজৰ লেই-লেই, চেই-চেইৰ পাত্ৰী হয়। কোনোজনী অভাগী হয়তো স্বামী গৃহৰ পৰাও খেদা খাবলগীয়াত পৰে। কোনোজনীয়ে হয়তো এই নিন্দা অসহনীয় হৈ আত্মহত্যাৰ পথ বাছি ল’বলগা হয়।
কিন্তু বিচাৰ্যৰ কথা— এগৰাকী মহিলাৰ ক্ষেত্ৰতহে এনে হয় কিয়?
যদি পুৰুষজনৰ দোষৰ পৰিণামত মহিলাগৰাকী মা হ’ব নোৱাৰে, তেনেহ’লে কিয় পুৰুষজনক ‘বঁজা’ বুলি নকয়। মোৰ উপলব্ধিৰ এটা প্ৰশ্ন হ’ল— মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকিলে কি তেওঁ জীৱনটোৰ কোনো মূল্য নাই?
সমাজৰ বহু মহিলাই এনে বোৱাৰীক মানসিক নিৰ্যাতন চলায়। তেওঁ মহিলা হৈয়ো আন এগৰাকীৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব নোৱাৰে। যৌতুকৰ কাৰণে বলিৰ পঠা হয় কোনোজনী। কোনোজন পুৰুষে মহিলাক বিয়া পতাৰ পিছত সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। অধিক সন্তান জন্ম দি সন্তানৰ ভোকৰ ভাতকেইটা যোগাৰ কৰি দিব নোৱৰা, পেটৰ ভোক পেটতে মাৰ যোৱা পিতৃয়ে কিমানটা সন্তানৰ পিতৃ হৈছে, তাক লৈ গৌৰৱ কৰে। ইয়াতো থাকে ল’ৰা সন্তান জন্ম দিয়া আৰু ছোৱালী সন্তান জন্ম দিয়াৰ পাৰ্থক্য।
কোনোজনে আকৌ বিবাহৰ পিছৰ পৰা ৰাগীয়াল বস্তু সেৱন কৰি পত্নীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ দৃশ্য হৃদয়বিদাৰক। অসহনীয় হিয়া ঢাকুৰি কন্দা কান্দোন আৰু শৰীৰৰ লজ্জা ঢাকি ৰখা কাপোৰৰ আৱৰণ ফালি ছিৰাছিৰ কৰা অবৰ্ণনীয় দৃশ্যবোৰ মানৱ সভ্যতাৰ কালিমা।
অপৈণত বয়সতে বিয়াৰ পিছত গৰ্ভৱতী হোৱা কোনোজনীয়ে প্ৰসৱৰ সময়তে মৃত্যুমুখত পৰা কথাও দুখ ভৰা। অভিজ্ঞতাইহে যে জ্ঞান দিয়ে, তেনে কথা নহয়।চাক্ষুস দৃশ্য নহ’লেও কাৰোবাৰ জীৱনৰ জীৱন্ত কাহিনী ভুক্তভোগীৰ মুখে শুনিলেও জীৱন্ত এক প্ৰতিচ্ছবি হৈ ফুটি উঠে।
৮৬