পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহকেইজনে কোঠাটোৰ লাইট নুমুৱাই দিবলৈ ক'লে। মানুহকেইজনৰ টেলেকা- টেলেক চকুকেইটা আৰু উজলি থকা বগা দাঁতকেইটাৰ বাহিৰে গোটেই কোঠাটো অন্ধকাৰাচ্ছন্ন হৈ পৰিল।

 তেওঁলোকে গাত লোৱা কম্বল এখন গায়ে-মূৰে ঢাকি লৈ কম্বলৰ তলত সোমাই মন্ত্ৰ মাতিবলৈ ধৰিলে। এক ভীতিগ্ৰস্ত পৰিৱেশ..

 মা আৰু মোৰ অন্তৰাত্মা প্ৰকম্পিত হৈ হৃদয় স্পন্দন বন্ধ হোৱাৰ সদৃশ। মই কেতিয়া অলপ পোহৰ দেখিবলৈ পাওঁ তাৰ প্ৰতীক্ষাত শিল হৈ পৰি ৰ'লোঁ।

 গতি লেহেমীয়া। সময়ো যেন থমকি ৰৈছে। প্ৰায় এঘণ্টামান পিছত তেওঁলোকে কম্বলৰ তলৰ পৰা ওলাই লাইট জ্বলাবলৈ ক'লে।

 মায়ে আন্ধাৰে-মুন্ধাৰে খেপিয়াই, খেপিয়াই লাইটটো জ্বলাই দিলে।

 মই ইমান সময় ভয়ত গিলিবলৈ পাহৰি মুখত জমা হৈ থকা সেপখিনি ঢোক মাৰি গিলিলোঁ।

 লাইট জ্বলোৱাৰ পিছত তান্ত্ৰিক এজনে ক'লে—

 এই ঘৰটোলৈ যোগিনী আহিল। আমি ইয়াত যি অমংগলীয়া হৈ আছিল গোটেইখিনি যোগিনীজনীৰ দ্বাৰা ভাল কৰিলোঁ। শুনিছিলিনে? ঘৰৰ মূধচত দুটা ডাঙৰ শব্দ হৈছে, যোগিনীজনী আহোঁতে এটা, যাওঁতে এটা শব্দ কৰি গৈছে।

 মা আৰু মই নিমাত হৈ মাথোঁ তেওঁলোকক চাই আছিলোঁ। তেওঁলোকে ততাতৈয়াকৈ লগত অনা সামগ্ৰীসমূহ টোপোলাত ভৰাই তেওঁলোকে বিচৰা প্ৰাপ্যখিনি লৈ নিশাই ওলাই গ'ল।

 তেওঁলোক ওলাই যোৱাৰ পিছত আমি আটায়ে স্বস্তিৰ নিশ্বাস এৰিলোঁ।

 সময়ৰ বুকুত বিষাদিত, ভয়ংকৰ স্মৃতিবোৰ শুই পৰিছে যদিও বিস্মৃতি হৈ যোৱা নাই। আজিও মই তীব্ৰ অসহনীয় যন্ত্ৰণা ভোগো, ঘৰখনে মোৰ কাৰণে সন্মুখীন হোৱা ভীতিগ্ৰস্ত সময়খিনিৰ বাবে।

 সময়ৰ চকৰিৰ লগে লগে আমাৰ জীৱনবোৰো আগবাঢ়ি গৈ আছিল। মাথোঁ মাৰ নিত্যকৰ্মখিনি সলনি হোৱা নাছিল। প্ৰতিদিনে দুই-তিনি ঘণ্টাৰ মূৰে মূৰে মোক প্ৰস্ৰাৱ কৰিবলৈ পাৰি দিয়া কাপোৰখিনি ধোৱা কাম মায়ে কৰিবলগীয়া হৈছিল।

২০