সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেই সময়খিনিত মোৰ মনৰ মাজত উমি উমি খং উঠিছিল।

 মনতে ভাবিছিলোঁ— মানুহবিলাকে যদি মোৰ খবৰ ল’বলৈ নাহে, তেতিয়াতো মায়ে মোৰ কথাবোৰ দোহাৰি থাকিব নালাগিব আৰু মাৰ বুকুত হোৱা ঘা টুকুৰা বাৰে বাৰে ঘঁহনি খাই অধিক যন্ত্ৰণাকাতৰ নহ’লহেঁতেন।

 খন্তেকৰ পিছতে আকৌ ভাবিছিলোঁ। তেওঁলোকৰ এখন এখন অন্তৰ আছে বাবেইতো আমাৰ দুখৰ খবৰ ল’বলৈ আহিছে।

 মই বাৰু কিয় বেয়া পাইছোঁ?

 মোৰ নিজকে তেতিয়া স্বাৰ্থপৰ স্বাৰ্থপৰ ভাব হৈছিল।