পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰথমজন দেউতা, চাকৰিৰ পৰা অৱসৰ লৈ ঘৰলৈ উভতি আহিল। দ্বিতীয়জন স্থায়ী সদস্য হ’ল— ৰ’জ।

 ইংৰাজীৰ ৰ’জ বুলি ক’লেও গোলাপ ফুলক বুজায়। তাইৰ নামটোও ৰ’জ। গোলাপৰ কোমল পাহিৰ দৰে তাইৰ কোমল গাল দুখন। ধক্‌ ধক্‌ কৰে বগা মৰমলগা এজনী ধুনীয়া সাত বছৰীয়া ছোৱালী।

 মোৰ এগৰাকী বান্ধৱী মণিয়ে ৰ’জক আমাৰ ঘৰলৈ আনি দিছে।

 প্ৰথম কথা হ’ল— তাই আমাৰ কথা, ভাষা একো বুজি নাপায়। তাইক আমাৰ অসমীয়া ভাষা শিকাব লাগিব। আলুটো আন বুলি ক’লে পিয়াজটো আনে। গিলাচটো আন বুলি ক’লে কাপটো আনে।

 তাই এতিয়া আমাৰ ঘৰত হাঁহিৰ খোৰাক দিয়া ৰ’জ। ক্ৰমান্বয়ে ৰ’জে সকলো শিকিবলৈ ল’লে। মায়ে বহু যত্ন কৰি এদিন তাইৰ সম্পূৰ্ণ ষাঠিদিনীয়া মৌনব্ৰত ভাঙিলে। এই ষাঠিদিনত তাই খিলখিলাই হাঁহি থকাৰ বাদে আন এটা শব্দও উচ্চাৰণ কৰা নাছিল। দুমাহৰ অন্তত অলপ অলপকৈ নতুনকৈ মাত ফুটা শিশুৰ দৰে এটা-দুটা অসমীয়া ভাষাত কথা ক’বলৈ ললে। বস্তুবোৰৰ নামসহ সম্পূৰ্ণকৈ নহ’লেও অলপ- চলপ চিনাকি হ’ল।

 মায়ে তাইক ঘৰতে অ-আ, ক-খ আখৰকেইটাৰ লগত চিনাকি কৰাই দিলে। তাই আধা ফুটা মাতেৰে অ-অমিতা, আ-আম মাতিবলৈ ধৰিলে। তাই এ-এন্দুৰ পোৱাৰ লগে লগে সদায়েই ইমান জোৰেৰে হাঁহে যে মা আৰু মই তাইৰ হাঁহি দেখি ৰব নোৱাৰি আমিও হাঁহো।

 এদিন তাইক গাঁৱৰ এল পি স্কুলখনত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাই দিলে। এতিয়া ৰ’জ ষষ্ঠ শ্ৰেণীত।

 মোৰ এতিয়া সংগী বহু বাঢ়ি গৈছে, বাৰ ল’ৰা—এটা বাৰ বছৰীয়া চ’না আৰু এটা আঠ বছৰীয়া পল; মালাৰ আঠ বছৰীয়া ল’ৰা প্ৰিন্স। আটাইকেইটা মোৰ মৰমৰ ভাগিন। পাল্কী দুবছৰীয়া মৰমলগা ভতিজী। ভাইটিৰ ছোৱালী।

 এতিয়া ভাগিনহঁত স্কুল বন্ধত আমাৰ ঘৰলৈ আহিলে মই সিহঁতৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকোঁ—

 মাহী, তুমি কিয় খোজ কাঢ়িব নোৱৰা হ’লা?

 মাহী, তুমি খোজ কাঢ়িব পৰা হৈ থাকোঁতে কি কি কৰিছিলা?

 ভগৱানে কিয় তোমাক এনেকুৱা কৰিলে?

 তোমাৰ যদি এখন ভৰি ভাল হৈ থাকিলে হয়, তেতিয়াও তুমি এখনেৰে

১৬৩