পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মই থকা হাস্পতালৰ কোঠাটোত পাঁচখন বিছনা। চাৰিখন একেলগে দীঘলীয়াকৈ শাৰীপতা, এখন আছুতীয়াকৈ পৰা। আছুতীয়াকৈ পৰা বিছনাখন মােৰ সন্মুখত এখন খিৰিকী। আধা পর্দা লগােৱা, সেউজীয়া ৰঙৰ। বিছনাৰ কাষতে এটা সৰু-সুৰা বস্তু থ’ব পৰা আলমাৰি। বিছনাৰ লগতে সেউজীয়া ৰঙৰ দীঘল পর্দা এখন। গােটেই পৰ্দাখন টানি ল’লে বাহিৰৰ মানুহক দেখা পােৱা নাযায়। মােৰ পর্দাখন মই কোঠাটোত থকা সময়খিনিত টনা হৈ থাকে। পর্দাখন টানি লােৱাৰ পিছত এটা প্রশান্তিৰ সময় কটোৱা কোঠালৈ ৰূপান্তৰ হয়।

 প্রথম দিনাখন, নিশা মই এটা মর্মান্তিক আঘাত পাইছিলোঁ মাক লৈ। মা যেতিয়া কম্বল এখনৰ ওপৰত বিছনা চাদৰখন পাৰি মােৰ বিছনাৰ কাষতে পকাত শুবলৈ লৈছিল – মই মাক আৰু কিমান দুখ-কষ্ট দিম বুলি মর্মান্তিক আঘাত পাইছিলোঁ। এটা অপৰাধবােধে হেঁচা মাৰি ধৰিছিল। ওলাই আহিছিল তপত হুমুনিয়াহ। সৰ্‌সৰ্‌কৈ চকুলাে বৈ আহিছিল।

 কিমান দুখ দিম মাক !

 পুৱা সাত বজাত পি.টি.ত উপস্থিত আমি। প্রত্যেকজনে নিজে ষ্ট্ৰেছাৰ চলাই গৈ নির্দিষ্ট ঠাইত ৰ’ব লাগে। পি.টি.ৰ শ্বৰীফ ছাৰৰ লগত মােৰ এক নতুন সম্পর্ক গঢ়ি উঠিছিল। ছাৰ-পেচেণ্টৰ নির্মল বন্ধু! ছাৰে যিহেতু মােৰ কেছটো লৈছে, সেয়ে পুৱাৰ সময়খিনি মােৰ শ্বৰীফ ছাৰৰ লগতে সুন্দৰকৈ পাৰ হয়।

 সাত বজাত আৰম্ভ হয় পুশ্ব-আপ। পঞ্চাছ বাৰকৈ কাউণ্ট কৰি, পাঁচ মিনিট জিৰণি দি আকৌ কাউণ্ট কৰি চাৰি বাৰত দুশ পুশ্ব-আপ শেষ কৰে। তেনেদৰে স্পাইনেল কডো পঞ্চাছ বাৰকৈ কাউণ্ট কৰি দুশবাৰ সম্পন্ন কৰিব লাগে। পুশ্ব-আপ আৰু স্পাইনেল কড কাউণ্ট কৰে স্বৰীফ ছাৰে নাইবা মহেন্দ্র আন্নাই। মহেন্দ্র আন্না হ’ল—পি.টি.ৰ সকলাে ৰােগীক সহায় কৰা এজন ভদ্র, নম্র, হাঁহিমুখীয়া ব্যক্তি। তেওঁৰ উপস্থিতিয়ে সকলােৰে মুখত হাঁহি বিৰিঙায়। শ্বৰীফ ছাৰে মােৰ এটা নাম কাঢ়ি মাতে - ‘জ্বালামুখী’! ছাৰ মুছলমান সম্প্রদায়ৰ লোক আছিল। গহীন মুখৰ, কম কথা কোৱা।

 ছাৰৰ মতে, মই নাহাঁহো। প্ৰতিটো সময়ত ভাবুক হৈ থাকোঁ। আগ্নেয়গিৰি বিস্ফোৰণ হ’বলৈ ধৰাৰ দৰে থাকোঁ। কাকো নামাতাে৷ সেয়ে ‘জ্বালামুখী’ নাম দিছিল আৰু জোকাইছিল – ‘জ্বালামুখী জ্বলাকে ৰাখ কৰ দেগি।’ কিন্তু ছাৰৰ কাৰণে মই আছিলাে আন পেচেপ্টতকৈ এক বিশেষ পেচেণ্ট, যিজনীয়ে সকলাে কথা মুকলিমূৰীয়াকৈ পাতিব পাৰোঁ। দুখ লাগিলে ছাৰৰ আগত মনৰ কথা কৈ কান্দিব

১০৯