পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মা ওলাই যোৱাৰ পিছত মোৰ অন্তৰখন দুখত মোচৰ খাই গৈছিল। যিজনী ছোৱালীয়ে অলপমান লেতেৰা হ'লে কাপোৰ নিপিন্ধোঁ, কাৰোবাৰ ঘৰত কিবা বস্তু দিলেও হাতেৰে চুবলৈ সংকোচ কৰোঁ, কাৰো কাপোৰ নিপিন্ধোঁ, প্ৰতিটো বস্তুতে চিকচাক ’মইজনী’ আজি কোনোবাই পিন্ধি পেলাই দিয়া ফটা লংপেণ্ট আনিবৰ বাবে মাক দৌৰা-দৌৰিকৈ পঠাই দিছেঁ।

 মা কোঠাৰ পৰা ওলাই যোৱাৰ পিছত হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা দুখবোৰে খোঁচা-বিন্ধা কৰি ধাৰাৰে চকুৰ লোতক হৈ বাগৰি আহিল। বিমৰ্ষিত মনটোৱে নাকান্দোঁ বুলি স্থিতপ্ৰজ্ঞ হৈ থাকিও ব্যৰ্থ হৈ পৰিল।

 —মোৰ বিহ্বল ক্ষত মনত চিৰযুগমীয়া সাঁচ বহুৱাইছিল আন এক শিহৰণকাৰী অলৌকিক কাণ্ডই।

 দেউতাৰ বন্ধু এজনে আহি কৈছিল— তুলা ৰাশি মানুহৰ নখত, যদি কোনোবা জনা তান্ত্ৰিকে জাৰি দিয়া তেল লগাই দিয়ে, তেনেহ'লে মানুহজনৰ নখত, মোক যদি কোনোবা মানুহে কু-মন্ত্ৰ কৰি এনেকুৱা দুৰ্দশা কৰি থৈছে, সেয়া ধৰা পৰিব আৰু কু-মন্ত্ৰকৰা মানুহজনৰ মুখখন তাত জিলিকি উঠিব। আকৌ কাঁহবাটি এটা মন্ত্ৰ মাতি তুলাৰাশিৰ মানুহজনৰ হাতত লগাই দিলে বাটিটোৱে টানি লৈ যাব য'ত তন্ত্ৰ-মন্ত্ৰ কৰি বেয়া বস্তু পুতি থৈছে, সেই ঠাইখিনিলৈ।

 কাষৰ গাঁৱৰ মানুহ এজন তুলাৰাশিৰ আছিল। এদিন মানুহজনক আমাৰ ঘৰলৈ মতাই অনা হ'ল। সেইদিনাখনেই তেল জাৰি দিয়া তান্ত্ৰিকজনো আহিল।

 ৰাতি তান্ত্ৰিকজনে মানুহজনৰ নখত তেল জাৰি সানি দি চাব-'কোন’ মানুহৰ মুখ দেখে আৰু বাটি জাৰি দি চাব বাটিটোৱে মানুহজনক ক’লৈ টানি নিয়ে।

 সময় সমাগত। নিশা বাৰ বাজিছে।

 সকলোৰে মনত উৎকণ্ঠা। কাৰ ’মুখ’ মানুহজনৰ নখত ফুটি উঠিব? জাৰি দিয়া বাটিটোৱে ক'লৈ টানি নিব মানুহজনক?

 এটা সময়ত তান্ত্ৰিকজনে মানুহজনৰ নখত তেল জাৰি সানি দি চালে কাৰ মুখ দেখে। অলপ সময় তান্ত্ৰিকজনে নখত জুমি জুমি চাই সকলোৰে উৎকণ্ঠাৰ অন্ত

পেলাই ক'লে— অস্পষ্ট মুখ, চিনিব নোৱাৰি ভালকৈ।

২২