পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(পঁছিশ)

 আজি শাওণৰ পূৰ্ণিমা। পৰিপূৰ্ণ মুখখনিৰে জোনজনী অধিককৈ উজলি উঠিছে। তৰাবোৰেও যেন আজিহে নতুনকৈ সখিয়তীৰ মেলা পাতিছে। জোনৰ পোহৰত জিলিকি উঠিছে ধৰিত্ৰীৰ বুকুত শাওণৰ সেউজীয়া আঁচল। ৰিব্-ৰিব্ মলয়া বতাহে গাড়ীখনৰ লগে লগে গতি কৰিছে।

 বতাহতকৈ মোৰ মনটোৱে বাৰু বেছি বেগেৰে গতি কৰিছে নেকি?

 উস! গাড়ীখনে বাৰু কম বেগত গতি কৰিছে নেকি?

 মালাহঁতে মোক লগ পাবলৈ অধীৰ অপেক্ষাত ৰৈ আছেনে?

 নে মইহে সিহঁতক লগ পাবলৈ অধীৰ আগ্ৰহেৰে গৈ আছোঁ?

 কাৰ তীব্ৰতা বেছি বাৰু?

 মোৰ নে সিহঁতৰ?

 আমি ৰে’লগাড়ীৰ পৰা নামি ভাড়া গাড়ীৰে ঘৰলৈ আহি আছোঁ।

 নিশা গভীৰ নহ’লেও দহমান বাজিছে। ৰাজপথবোৰত মানুহৰ আহ-যাহ সেৰেঙা। দুই-এজন দোকানীয়ে দুই-এপইচাৰ আশাত টিপচাকিৰ ঢিমিক্‌-ঢামাক্পো হৰত সেই পৰলৈ দুই-এপদ বস্তু লৈ নতুবা পথৰ দাঁতিত মাটিতে বস্তা পাৰি খাপ পিটি আছে গ্ৰাহকৰ প্ৰতীক্ষাত।

 কোনোজনে ঘৰত এৰি থৈ অহা পোনাকেইটাৰ পেটত আজি খুদকণ এটা পেলাব পাৰিব নে নোৱাৰে সেই প্ৰতীক্ষাত।

 কোনোজনে আকৌ নিজৰ পেটটো পূৰণ কৰিব পৰিবনে নোৱাৰে সেই আশাৰে।

 কোনোজনে ঘোলা চকুযুৰিৰে পৰ দি আছে এটকা-দুটকাৰ প্ৰতীক্ষাত। টিপচাকিৰ অনুজ্জ্বল পোহৰত ভাহি উঠা ঘৰৰ গৃহিণীৰ শুকাই কৰ্কৰীয়া মৰা মুখখনৰ প্ৰতিচ্ছবি চাই। বাৰে বাৰে দুৱাৰৰ শলখা খুলি গৰাকী আহিছেনে নাই জুমি-জুমি চাই আকৌ উদং চৰুটোতে পুনৰ চকু থোৱা কাতৰ চকুযুৰি।

 হায় জীৱন।

 চিপ্‌-চিপকৈ বৰষুণ কিনকিনীয়াইছে। কেতিয়াবা ফৰকাল আকাশতো বৰষুণ কিনকিনায়। তেতিয়াতো নৈসৰ্গিক দৃশ্য অধিক অতুলনীয় হৈ পৰে। জোন, তৰা,

বৰষুণৰ জোনাকী মেলা।

১৩৬