মা বহি থাকিল শিক্ষকৰ কমনৰুমত। মই পৰাই-নোৱৰাই মনতে পৰীক্ষাত উত্তীৰ্ণ হ’মেই বুলি শৰীৰে নাটানিলেও ‘পাছ’ কৰা নম্বৰকেইটা যুগুত কৰাত লাগিলো।
পৰীক্ষা শেষ কৰি ঘৰলৈ উভতিলো।
ঘৰ পোৱাৰ পাছত মালাই মোৰ বুকু-পিঠিত মিঠাতেলেৰে মালিচ কৰি মোৰ উশাহ ঘূৰাই অনাত লাগিল। তাই শৰীৰৰ উত্তাপ ঘূৰাই অনাত ব্যস্ত। অলপ আৰোগ্য হৈ আকৌ পৰৱৰ্তী পৰীক্ষাৰ কাৰণে সাজু হ’ব লাগিব।
ভূতৰ ওপৰত দানহ পৰাৰ দৰে নিয়তিয়েও মোৰ পৰীক্ষাৰ উপৰি পৰীক্ষা ল’বলৈ নেৰিলে। পৰীক্ষা দি অহাৰ পিছৰে পৰা তীব্ৰ জ্বৰে মোক থেকেচি মাৰিবলৈ ধৰিলে। লগতে প্ৰত্যক্ষ কৰিলো বাওঁ গালখনত এটা ফোহা ডাঙৰকৈ উঠি আহিছে।
অতিপাত বিষ। বিষৰ জ্বালাই মোৰ সৰ্বশৰীৰ জৰ্জৰ কৰি পেলাইছে। পিছদিনাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত হ’ম নে বিষৰ জ্বালা-যন্ত্ৰণাত আড়ষ্ট হৈ পৰি থাকিম বিছনাত? ফোহাটো ডাঙৰ হৈ হৈ এটা ডাঙৰ আলুৰ সমান হৈ পৰিছে।
উস! কিয় বাৰু নিয়তিয়ে মোৰ পৰীক্ষাৰ উপৰি পৰীক্ষা লয়! তেনেদৰেই পিছদিনাৰ পৰীক্ষাৰ বাবে সাজু হৈ ওলালোঁ। সেইদিনাৰ পৰীক্ষাটোও দি থৈ আহিলোঁ।
মাজত এদিন বন্ধ। তাৰ পিছত অংকৰ পৰীক্ষা। অংক বিষয়টো মোৰ এটা ভাল লগা বিষয়। কি হ’ব এতিয়া? ফোহাটো ফুলি ফুলি ডাঙৰ হৈ বাওঁ চকুটো জাপ খাই গৈছে। এটা চকুৰে পৰীক্ষা দিব পাৰিমনে?
মই পাৰিম। মই পৰীক্ষা এটা চকুৰেই দিম। কাৰণ মই দুবাৰ প্ৰৱেশিকা পৰীক্ষা দিবলৈ একেখন স্কুললৈ নাযাওঁ। অংকৰ শিক্ষক অঞ্জন ছাৰৰ লগত তেতিয়ালৈ আমাৰ আন্তৰিকতাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ছাৰৰ মনত দুখে বাহ লৈছিল। ইমান কষ্ট সহ্য কৰাৰ পিছতো অদৃষ্টই এতিয়া মোৰ ওপৰত এটাৰ উপৰি আন এটা দুখ জাপি দিয়া বাবে।
অঞ্জন ছাৰে পুৱা সাত বজাতে ফোন কৰি সুধিলে— ‘তুমি আজি অংকৰ পৰীক্ষা দিব পাৰিবানে?
মই একে উশাহে ক’লো— ‘আপুনি ডিমৌ চাৰিআলিত ৰৈ থাকিব। আপোনাক মই মাত লগাই যাম।’
ফোনটো থৈ মই পৰীক্ষালৈ সাজু হ’লো। ফোহাটোত ধূলি নপৰিবলৈ গোটেই মুখখন কাপোৰ এখনেৰে ঢাকি ল’লো। এটা চকু সম্পূৰ্ণকৈ জাপ খোৱা। এটা চকু উলিয়াই লৈছো। চাৰিআলিত মোৰ কাৰণে ছাৰ ৰৈ আছিল।
ছাৰক মাতষাৰ দি আমি গন্তব্যস্থানলৈ গ’লো।