পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ ভাত-ধেমালি খেলা ঘৰখনত। ভাত-ধেমালি খেলত মা-দেউতাৰ অভিনয়ো চলিছিল। কোন মাক হ’ব, কোন দেউতাক হ'ব, কোন কেঁচুৱা হ'ব, কোন আলহী হৈ আহিব?

 মই তেতিয়ালৈ দেউতাৰ চাইকেলখন দুপিয়াই দুপিয়াই চলাবলৈ শিকাৰ পৰা ওপৰৰ ছিটত বহি চলাব পৰা হ'লোঁ। টিউশ্যন নথকা দিনত আবেলি সময়ত এতিয়া মোৰ এটাই কাম, লগৰ ছোৱালীৰ লগত চাইকেল কোনে কিমান বেগত চলাব পাৰে, তাৰ প্ৰতিযোগিতাত নমা। মই নতুনকৈ ওপৰত চলাবলৈ শিকিয়ে প্ৰতিযোগিতাত নমাৰ কাৰণে, সদায় চাইকেলৰ পৰা পৰিছিলোঁ। তেতিয়া আমাৰ গাঁৱৰ মাজেৰে যোৱা ডিমৌ ৰাইডঙীয়া পথটো নতুনকৈ পকী কৰিছিল।

 এদিন সৰুমণি আৰু আইমণিৰ লগত চাইকেল প্ৰতিযোগিতাত মই চাইকেলৰ পৰা পৰি গ'লোঁ। পথত পেলাই থোৱা সৰু সৰু শিলগুটি মোৰ আঁঠু দুয়োটাতে থেতেলা খাই সোমাই গ'ল। আইমণিহঁতৰ ঘৰলৈ নি দমকলৰ পানীৰে ভৰি ধুৱাই তেজ নাইকিয়া কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু তেজ ধাৰাসাৰে বৈছিলহে। সেই সময়খিনিত উপস্থিত থকা আটাইকেইজনীয়ে বহু ভয় খাইছিলোঁ। বা আৰু মালাই তেতিয়ালৈ চাইকেল চলাবলৈ শিকা নাছিল, গতিকে সিহঁত দুজনী মোৰ লগত নাছিল। কি কৰিম, কি নকৰিম ভাবি মই ভয়ত কান্দিবলৈ ধৰিলোঁ। এনেয়েও মই অলপতে সৰুতে কান্দো। তেজ যদি ৰখাব নোৱাৰোঁ মায়ে দেখিব। কি হ’ব? মোৰ কান্দোনত সিহঁতে বেছিকৈ ভয় খালে। কি হ’ব? কি কৰা যায়। উপায়হীন হৈ সিহঁতে ক’লে— আমি কম দে তোৰ মাক নামাৰিবলৈ। এতিয়া ঘৰলৈ ব’ল, নহ'লে তেজ বেছিকৈ ব’ব।

 ঘৰত আহি সিহঁত দুজনীয়ে মাক ক’লে যে মোক মায়ে মাৰিব বুলি ভয় খাই ঘৰলৈ নহাকৈ থাকিব বিচাৰিছিলোঁ। সিহঁত দুজনীয়ে আশ্বাস দি আনিছে যে সিহঁতে মাক নামাৰিবৰ কাৰণে ক’ব। মায়েও সিহঁতৰ কথাত খং নকৰি তেজ ওলোৱা ঠাইখিনিৰ মাজৰ পৰা সৰু সৰু শিলগুটিবোৰ উলিয়াই ডেটল পানীৰে ধুই দিলে।কেইদিনমানৰ বাবে মই চাইকেল প্ৰতিযোগিতাৰ পৰা বিৰতি ল'বলগা হ’ল, তেজ ওলোৱা ঠাইকণ নুশুকোৱালৈকে।

২৮