পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(বিশ)

 সুবৃহৎ চৌহদ। গাঢ় সেউজীয়া আৱৰণৰ সুউচ্চ নিম গছ। এক শীতল পৰিবেশ। নাই হাই-উৰুমি। দুখন লােহাৰ গেট দুয়ােকাষে। সন্মুখত গাড়ী অহা-যােৱা কৰা ঘাইপথটো পুৱাৰ কোমল ৰ’দৰ জিলিঙনিয়ে চুমিছে ধৰিত্ৰীক। সান্নিধ্য দিছে এক কুহুমীয়া উত্তাপৰ !

 কামিনী-কুসুম, খৰিকাজাঁই ফুলৰ মালা গাঁথি দীঘলকৈ ওলােমাই খােপাত বান্ধি অহা তামিল মহিলাসকলৰ মালাৰ পৰা চৌদিশে বিয়পি পৰা ফুলৰ সুবাসে পুৱাই মনটো এক অনাবিল আনন্দত পুলকিত কৰি তােলে। ষ্ট্ৰেছাৰখনত উঠি দ্বিতীয় গেটখনত সদায় ছয় বাজি ত্রিছ মিনিটত ৰৈ থাকোঁ। উপভােগ কৰোঁ এটা প্রশান্তিৰ পুৱা। সাত বজাৰ লগে লগে পি.টি.ত উপস্থিত হ’ব লাগে। পি.টি. হ’ল হাত আৰু ভৰিৰ ব্যায়াম। অ. টি. হ’ল কেৱল হাত ব্যায়াম।

 আমাৰ দৈনন্দিন কার্যসূচীখন এতিয়া নতুন। প্রণালীবদ্ধভাৱে আমি আমাৰ সময়খিনি মিলাব লাগে। মা আৰু মই এতিয়া হাস্পতালত থাকোঁ। পুৱা সাত বজাৰ পৰা দহ বজালৈ পি.টি. | দহ বজাৰ পৰা দহটা ত্রিছ বজাৰ ভিতৰত ঘা ড্রেছিং কৰা আৰু কিবা এটা পাতলকৈ খাই লােৱা৷ চাৰে দহ বজাৰ পৰা চাৰে বাৰ বজালৈ অ.টি.৷ চাৰে বাৰ বজাৰ পৰা দুই বজালৈ জিৰণি। দুই বজাৰ পৰা আকৌ পি.টি. থাকে। সপ্তাহত এদিন ছবি অঁকা, এদিন খেলা, এদিন সকলাে ৰােগীক একগােট কৰি কথােপকথন অনুষ্ঠান। এদিন ডাক্তৰৰ সৈতে কিমানখিনি আৰােগ্য হ’ল আলােচনাচক্র। দেওবাৰৰ দিনটো বিশ্রাম।

 মাৰ কাৰণে আটাইতকৈ কষ্টকৰ সময় আছিল দহ বজাৰ পৰা চাৰে দহ বজাৰ ভিতৰৰ সময়খিনি। সেই সময়খিনিতে মােক ড্রেছিং কৰিবলৈ নিব লাগে পি.টি. ৰ পৰা পােনে পােনে। তাত আকৌ মােৰ নিচিনাই ঘা হােৱা, ড্রেছিং কৰিবলৈ ৰৈ থকা দীঘলীয়া শাৰী। কেতিয়া মােৰ পাল পৰিব, অপেক্ষাৰত দুচকু। তাৰ পিছত, মায়ে দৌৰা-দৌৰিকৈ গৈ পুৱাৰ চাহকাপৰ লগত বিস্কুট দুখন খাই অহা পেটৰ পােৰণি মাৰিবৰ কাৰণে খােৱাৰ যােগাৰ কৰা। কেতিয়াবা আকৌ খােৱা হ’লে চাৰে দহ বাজি যায়। অ’.টি. ত কিয় দেৰি হ’ল কর্কশ প্রশ্নৰ ভয়ে ভয়ে উত্তৰ দিয়া। মায়ে প্রায়ে কর্কশ শব্দ শুনিলেও মােক কিবা এটা খুৱাইহে নিছিল।