পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিভিন্নজনৰ ভাব প্ৰকাশ কৰাৰ ভংগীৰে সুকীয়া সুকীয়াকৈ মনৰ খোৰাক দিলে।

 ঘৰৰ এমাহৰ বেড্‌ৰেষ্ট শেষ কৰি প্লাষ্টাৰৰ কঠিন। খোলাটোৰ পৰা প্ৰায় তিনিমাহৰ অন্তত মোৰ ভৰিখন মুকলি হ’ল।

 এতিয়া মই বহিবগৈ পাৰিম মুকলি আকাশৰ তলত, হুইল চেয়াৰখনত। ফুৰিব পাৰিম কোঠাকেইটাত।

 কিন্তু মই ভবামতে বহিব নোৱাৰিলোঁ।

 আমাৰ ঘৰটোৰ মজিয়াখন মাটিৰ হোৱা বাবে ইটো কোঠাৰ পৰা সিটো কোঠালৈ যাবলৈ দুৱাৰৰ পৰা লিনটেনটো পাৰ হ’ব লাগে। চেয়াৰখনেদি পাৰ হ’ব নোৱৰা গতিকে মোক দাঙি নি বহুৱাই দিয়ে।

 প্ৰস্ৰাৱ নিগৰি নথকা গতিকে মই এটা ‘সুখী’ মনৰ গৰাকী হৈ পৰিলোঁ।

 মই মুকলি আকাশৰ তলত বহিবগৈ ল’লোঁ। মালাই কিনি অনা ফুলৰ টাবৰ ফুলবিলাকৰ লগত চিনাকি হ’লোঁ। তাই এতিয়া কলেজৰ পৰা আহি প্ৰতি পল মোৰ লগতে ব্যস্ত থাকে।

 দূৰণিত থাকিও অনিশ, প্ৰবীণে প্ৰায়ে খবৰ লয়। মোৰ খোজৰ আশাত অনিশে কেৰালাৰ পৰা প্ৰতি সপ্তাহে আয়ুৰ্বেদিক ঔষধ পাৰ্চেল কৰি পঠিয়াই থাকে। মই সি পঠিওৱা ঔষধ মুখত নোলোৱা বুলি কৈ তাৰ মনত দুখ দি থাকোঁ।

 এদিন আহি আমাৰ ঘৰত উপস্থিত হ’লহি, ৰে’লগাড়ীৰ দাত মা-বাবুৰ লগত চিনাকি হোৱা তেজপুৰ ৰঙাপাৰাৰ লৰা এজন। নামটো বৰুণ। বৌদ্ধ সম্প্ৰদায়ৰ। বয়সত মোহকৈ তিনিবছৰ মানে ডাঙৰ হব।

 আহিয়ে, মোক ক’লে— ‘মনৰ মাজত থকা খুদুৱনিৰ সঁফুৰাটো খুলিবলৈ আহিছে।মই তোমাক জানিবলৈ ষ্টেচনৰ প্লেটফৰ্মৰ পকাত যেতিয়া তুমি শুই আছিলা, তেতিয়াৰ পৰাই উৎসুক হৈ আছোঁ। কোন এই ছোৱালীজনী? মানুহৰ জোতা, ছেণ্ডেলৰ ধূলি লৈ লৈ পকাত তলপেট কৰি শুই আছে? ভাব হৈছিল তাই উঠি যোৱা দবাটোতে যেন মোৰ ছিটটো থাকে। মই তাইৰ কি হৈছে জানিব পাৰিম।

 ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ—‘হে ভগৱান, মোৰ ছিটটো যেন তুমি সিহঁতৰ লগতে দিয়া।’

 ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। তুমি উঠা দবাটোতে ময়ো উঠিলোঁ। কিন্তু কি হ’ব? মোৰ লগতহে কথা পাতিবলৈ নাপালোঁ। তুমি কেৱল গান শুনাতহে ব্যস্ত থাকিলা। কাকো নমতাকৈ পাৰ কৰিলা এই ৰে’লযাত্ৰা।

 সম্পৰ্কটো জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দি আমাৰ ঘৰত এদিন থাকি বৰুণ

১৩৯