পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনাকি কৰি দি থৈ আহিব। বেছি দিন নাথাকে।

 মায়ে ক’লে- ‘সেইকণ উপকাৰ কৰিলেও হ’ব মোৰ ছোৱালীৰ ওপৰত।’

 আশা, চিন্তা, উখল-মাখল। ঘৰত মালা, বাবুৰ লগত কোন থাকিব? ইমান হাজাৰ টকা ক’ত পাব? প্ৰস্ৰাৱ গৈ থাকে, কেনেকৈ তিনিদিন ৰেলগাড়ীত নিব? ভৰিৰ ঘাবিলাকৰ সৈতে কি কৰিব? অলেখ চিন্তা-দুশ্চিন্তাত প্ৰতিটো পল ব্যস্ত হৈ থাকিবলগীয়াত পৰিল মোৰ আৰোগ্যৰ যাত্ৰাৰ লগত।

 এদিন ‘টিকট’ কাটিলে ৰে’লগাড়ীৰ।

 ক্ৰমশঃ শুকাই যোৱা হৃদয় জগতত আশাই সঁজাল ধৰিব ধৰিলে। কোনেও উমান নোপোৱাকৈ সাজি থকা নিজৰ মৃতদেহ সৎকাৰৰ চিতাখন সজা বন্ধ কৰিলোঁ। এতিয়া ক্ষণ গণিলো ভেলোৰলৈ যাবৰ কাৰণে।

 মনে মনে ভাবিলোঁ— ভৰিৰ অন্তহীন পোৰণিৰ পীড়াৰ পৰা পৰিত্ৰাণ পাম৷ অহৰহ প্ৰস্ৰাৱত পৰি থকাৰ পৰা মুক্তি পাম।

 নিস্তাৰ পাব মায়ে, সদায় প্ৰস্ৰাৱৰ দুৰ্গন্ধ লৈ কাপোৰ ধুই থকাৰ পৰা।

 ইয়াৰ আগতেও বহুবাৰ মায়ে দেউতাক মোক এবাৰ দেউতাৰ কৰ্মস্থান দিল্লীলৈ নি ডাক্তৰ দেখুৱাই আনিবৰ কাৰণে কৈছিল।

 দেউতাই কিন্তু কথাটো সিমান গুৰুত্বসহকাৰে লোৱা নাছিল। দেউতাৰ ভাব মই ভাল কেতিয়াও নহওঁ। দৰাচলতে দেউতাই তেনেকৈ ভবাৰো কাৰণ এটা দৰ্শাইছিল। দেউতাৰ কৰ্মস্থানৰ ওচৰত এঘৰত এজন মানুহে সদায় ‘হুইলচেয়াৰ’ত বহি থাকে। দেউতাৰ যুক্তি মতে— ‘দিল্লীত যদি মোৰ নিচিনা খোজ কাঢ়িব নোৱৰা মানুহ ভাল কৰিব পাৰেই, তেনেহ’লে কিয় মানুহজনে খোজ কাঢ়িব পৰা নাই।’ কিন্তু দেউতাৰ যুক্তি ভুল আছিল। পিছত জানিব পাৰিছিলোঁ। মোক যদি অসুখ হোৱাৰ এক বছৰ, দুই বছৰৰ পিছতত লৈ গ’ল হেঁতেন। তেন্তে মই হেনো পূৰ্ণ সুস্থ নহ’লেও, অ’ত-ত’ত ধৰি অলপকৈ খোজ কাঢ়িব পাৰিলোঁহেঁতেন। কিন্তু চাৰি বছৰমানৰ পিছত এবাৰ দেউতাই মোক চিকিৎসাৰ কাৰণে নিবৰ বাবে চিন্তা কৰিছিল যদিও ঘৰত বাহঁতৰ লগত কোন থাকিব সেই অসুবিধাবশতঃ মোক নিয়া নহ’ল। মাৰ বায়েক কুঞ্জ জেঠাই থাকিম বুলি কৈছিল যদিও আমাৰ যোৱাটো নহ’ল।

 আমি সাজু হ’লোঁ। ২০০৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ভেলোৰলৈ যাবলৈ। ঘৰত থাকিব মালা, বা আৰু দুই বছৰীয়া ভাগিন চ’না।

 দেউতাই কৰ্মস্থানৰ লগৰ মানুহৰ পৰা অলপ টকা সুতত ল’লে। দৰ্খাস্ত দিলে

কৰ্মস্থানৰ অফিচত মোৰ চিকিৎসাৰ কাৰণে অলপ সহায় কৰিব লাগে বুলি। মায়ে কাৰোবাক

৯৩