পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খোজ কাঢ়িব পাৰিলা হয়। অজস্ৰ। সিহঁতৰ শিশু মনকেইটাৰ অজস্ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগে মই।

 ডাঙৰ ভাগিন চ’নাৰ কুটুৰণিত মাকে মামাৰ ঘৰৰ পৰা মোৰ পদব্ৰজ জীৱনৰ প্ৰমাণ আনি দিবলগীয়াত পৰিছিল। জীৱন আঁউসীয়ে আৱৰাৰ লগে লগে মোৰ সেন্দুৰীয়া জীৱনৰ যিমান ফটো আছিল, এদিনাখন কোনেও গম নোপোৱাকৈ মনৰ বেজাৰতে ফালি পেলালোঁ। মোৰ সেন্দুৰীয়া জীৱনৰ প্ৰমাণ বায়ে যে কাৰ কাৰ ঘৰত বিচৰা নাছিল! শেষত মামাহঁতৰ পুৰণি এলবাম এটাৰ পৰা এখন ফটো পাই লৈ আহি তাক দেখুৱালে। এতিয়া আটাইকেইটাই মোৰ ফটোখন চাই কিমান যে কথা নকয়!

 উৎসৱবিলাক আগতকৈ বেছি ভাললগা হৈছে। প্ৰতিটো উৎসৱতে নহ’লেও প্ৰায়ে সত্যেন্দ্ৰ ভিনদেউ আৰু মালাৰ গৃহস্থ তপন আৰু ভাগিনকেইটা উপস্থিত থাকে। বাবুৱেও বিয়া পতা কৰৱীৰ সৈতে ঘৰখনৰ প্ৰতিজন সদস্যৰ উপস্থিতিত উৎসৱবোৰ আনন্দমুখৰ হৈ উঠে।

 মোৰ কাৰণে ব্যৱহাৰ-উপযোগী এটা শৌচাগাৰ সজা হ’ল। চাৰি ঘণ্টাৰ মূৰে

মূৰে মই নিজেই কেথেটাৰ ব্যৱহাৰ কৰি প্ৰস্ৰাৱ কৰোঁ। পায়খানা কৰাটো মোৰ বাবে এটা দুৰ্বিসহ কষ্টকৰ কাম।

১৬৪