দাঁতি, নৈৰ পাৰ, বিৰিখৰ সৌন্দৰ্যই দুচকু উজলাই তুলিছে। কমোৱা তুলা হৈ মন উৰি গৈ পৰিছে ওখ বিৰিখৰ চৰাই হৈ। পখিলা হৈ পাখি মেলি উৰিছোঁ মই। বুকুৰ খোৰোঙত কুঁচি-মুচি শুই থকা দুখবোৰেও খন্তেকলৈ অনিৰ্বচনীয় সেই জীয়া সুখৰ স্বাদ লৈছে। সঁজাত বন্দী বিহংগিনীক মুক্ত কৰি দিয়াৰ দৰে মোকো কাঁইটীয়া জীৱনে মুক্ত কৰি দিছিল অতি কম সময়ৰ কাৰণে।
আঃ কি সুন্দৰ প্ৰকৃতিৰ সৌন্দৰ্য!
“মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া..."
চঁক খাই উঠিলোঁ।
কোনে ইমান সুন্দৰ কণ্ঠৰে ৰে’লগাড়ীৰ দবাত গীত গাইছে?
খিৰিকীৰ পৰা মুখ ঘূৰাই ৰে’লগাড়ীৰ দবাৰ ভিতৰলৈ চালোঁ।
এখন কাঠৰ চাৰিচুকীয়া টেবুলৰ নিচিনা চাপৰ, চাৰিওফালে চাৰিটা চকৰি লগোৱা এখন তক্তাপ’চত বহি এক ধ্যানে গীত গাই আছে।
ভালদৰে মানুহজনক নিৰীক্ষণ কৰি দেখিলোঁ-আঁঠুৰ অলপ ওপৰৰ ভাগৰপৰা ভৰি দুখনৰ তলৰ অংশ নাই।
হৃদয় ‘মোচৰি’ যোৱা দৃশ্য!
গীত শেষ কৰি সোঁহাতখন আগবঢ়াই দিছে। বিনাদ্বিধাই। তেওঁ গীত গাই শুনোৱাৰ প্ৰাপ্য বিচাৰি। এ.. যা... যা। ইমান বেয়াকৈ গান গাইছে। বেসুৰীয়াকৈ। তাতে তাক ‘পইচা’ লাগে। ভাগ। ভাগ।
দাদা। এক টকা দিলেও হ’ব।
নাই নাই। এক টকা ক’ৰ পৰা আহে? হা...
‘এইটো লওক। কিবা এটা কিনি খাব। আপোনাৰ কণ্ঠটো বহুত ভাল। গীত গাই থাকিব।’
এজন হৃদয়বান ব্যক্তিৰ উক্তি। কোঠাটোৰ ভিতৰতে পৃথক পৃথক ৰূপৰ মানুহক প্ৰত্যক্ষ কৰিলোঁ।
একেই ৰঙা ৰক্তৰ মানুহে মানুহক কিমান বেয়াকৈ আঘাত দিব পাৰে?
আৰু ৰক্তৰ সম্পৰ্ক নথকাজনে মানৱতাৰে কিমান ধুনীয়াকৈ এজনক উৎসাহ দিব পাৰে?
৯৮