সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ওঠৰ)

 পুৱা ছয় বাজিছে! সেন্দুৰীয়া বেলিটোৱে ফেঁহুজাল ফালি ধৰাক চুমিছে। সময়ৰ হাতত ধৰি আগবাঢ়ি অহা মানুহবোৰ ক্ৰমে টিকটৰ অনুসাৰে নিৰ্ধাৰিত দবাবোৰ ভৰাই পেলাইছে। মোক তলৰ ছিটটোত তলপেট কৰি কঁকালৰ নিম্ন অংশ ডাঠ কম্বল এখনৰ ওপৰত, বিছনা চাদৰ এখন পাৰি শুৱাই দিছে প্ৰস্ৰাৱ নিগৰি থকা কাৰণে।

 মোক ঠিক-ঠাক কৰি এইবাৰ মাহঁতে বস্তু ঠিক কৰাত লাগিল।

 আমাৰ ঘৰলৈ অহা পল্লৱদাই, তেওঁৰ বন্ধুজনৰ লগত মোক চিনাকি কৰি দিলে— ‘এইজন, ল’ৰা আমাৰ লগত যাব।’

 নামটো ‘উৎপল।’

 মই তেওঁক প্ৰথম পৰিচয়ৰ নমস্কাৰ জনাবলৈও সেই সময়ত শাৰীৰিক- মানসিকভাৱে প্ৰস্তুত নাছিলোঁ।

 ৰেলগাড়ীখনে দীঘলীয়া উকি এটা মাৰি ঝক্‌ ঝক্ কৰি ধীৰ গতিৰে আগবাঢ়িছে।

 মই চাই পঠিয়াইছোঁ খোলা খিৰিকীৰ সন্মুখলৈ....

 ক্ৰমান্বয়ে, ৰেলগাড়ীখনে ষ্টেচন এৰি লক্ষ্য অভিমুখে যাত্ৰা কৰিলে। ঊৰ্ধ্ব শ্বাসে ৰে’লগাড়ীখনে এৰি গ’ল ডাঙৰ ওখ অট্টালিকা, ব্যস্ত পথ, বস্তি এলেকা...।

 বস্তি এলেকা পোৱাৰ লগে লগে ৰেলগাড়ীখন খন্তেক থমকিল। মই খিৰিকীৰে ভুমুকি মাৰি চালোঁ।

 শোৱাপাটী এৰি এঙামূৰি ভাঙিছে কোনোজনে। কোনোবাটোৱে সেই পুৱাতে জাবৰৰ দ’ম খুঁচৰি আছে। বুকুত মেঠনি মাৰি তিৰোতা কেইজনমানে লেতেৰা পানীৰে গা ধুই আছে, উলংগ কণমানি দুটামানে ৰাতি ভোকত কলমলাই থকা পেটৰ ক্ষুধা মাৰিবলৈ, কাগজত কেইটুকুৰামান খাদ্য লৈ থপিয়াথপি কৰি আছে। একেখিনিতে অপৰিষ্কাৰ গা ধোৱা পানী, পায়খানা ঘৰ, বাচন ধোৱা, খোৱা খাদ্য সকলো কৰ্মথলী। এফালে মাকে এটা সদ্যজাত কেঁচুৱাক বুকুৰ স্তন পিয়াই আছে, আনফালে এখন হাতে এটাৰ পায়খানাৰ লেতেৰা ধুৱাই আছে।

 অৰ্ধউলংগ কেইটামান ল’ৰাই হাতত ডাঙৰ পলিথিনৰ মোনা লৈ জাবৰৰ দ’মবোৰ খুঁচৰি খুঁচৰি আনৰ পেলনীয়া সামগ্ৰীবোৰৰ পৰা সিহঁতৰ প্ৰয়োজনীয়

সামগ্ৰীবোৰ বাছি বাছি ভৰাইছে।

৯৬