(এক)
কেঁচা তেজৰ গোন্ধে কোঠাটোৰ বায়ু ঘনীভূত কৰিছিল। ৰঙা তেজত লেপেট খাই থকা ডগ্মগীয়া জীয়া মঙহবোৰ ভৰিৰ পৰা বিচ্ছেদ হৈ বখলা-বখলে এৰাই অহা দৃশ্য দেখি বিচলিত হোৱা নাছিলোঁ। পাৰ ভাঙি বাগৰিব ধৰা চকুপানীবোৰ ভেটা দি ৰাখিবৰ বাবে মাথোঁ সদায় অৱলম্বন কৰি অহা উপায়টোকে প্ৰয়োগ কৰিছিলোঁ।
মা, ধূনা অলপ জ্বলাই দিয়কচোন।
মায়ে ধূনা জ্বলাই দিয়াৰ পিছত ইমান পৰে ভেটা দি থোৱা অবুজ চকুপানী খিনি উলিয়াবলৈ সুযোগ পালোঁ।
জৰ্জৰকৈ বৈ অহা চকুলোখিনি কোঠাটোৰ পৰা ওলাই যোৱা মায়ে আকৌ কোঠাটোলৈ সোমাই আহিয়ে দেখি কিবা কয় বুলি মোলৈ চোৱাৰ আগতেই ক'লোঁ- মা, ধোঁৱাই চকুত বৰকৈ পুৰিছে। চকুপানী ৰখাবই পৰা নাই।
অলপকৈ হাঁহি, মা চাওকচোন চকুপানী গংগাজল বোৱাদি বৈছে।
মোৰ কথাত মাৰ জানিবৰ বাকী নাছিল যে— মই মিছা কৈছোঁ। আনকি ময়ো জানিছিলোঁ মায়ে মোক এনেয়ে কৈছে— হয় দে কোঠাটোত ধোঁৱা বহুত হৈছে। একো নহয়, অলপ পিছত কমি যাব। কথাটো নোহোৱাও নহয়। কিমান কান্দিম মই, এটা সময়ততো ভাগৰি যাম চকুপানী টুকি টুকি। শাৰীৰিকভাৱে অতি দুৰ্বল হৈ পৰা হেতুকে, খুব কম সময়তে ভাগৰুৱা হৈ পৰোঁ।
মায়ে জানিছিল, মই কন্দাৰ কাৰণে ধোঁৱাৰ যি সহায় লৈছোঁ, সেই ধোঁৱাখিনি অলপ পিছত শেষ হ’ব আৰু লগতে মোৰো কান্দোন শেষ হ’ব।
দুই-তিনি মাহৰ মূৰত যেতিয়া বিছনাখনত গাৰু দি আউজাই বহুৱাই দিয়ে, সেই সময়খিনিত মা আৰু মই ইজনীয়ে সিজনীৰ চকুত চকু থৈ কথা পাতিব পৰা নাছিলোঁ। মায়ে বুকু ডাঠ কৰি বিষণ্ণ চকুযুৰিৰ পানীখিনি চকুতে যে বৰফ কৰিছিল,
৭