সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সৰুতে এবাৰ মাৰ সম্পৰ্কীয় বায়েক এজনীৰ ঘৰত বছৰেকীয়া পৰীক্ষা দি বা আৰু মই কেইদিনমান থাকিবলৈ গৈছিলোঁ। জেঠাইগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ ঘৰত আমাক থাকিবৰ বাবে লৈ গৈছিলহি। তেতিয়া আমি পঞ্চম শ্ৰেণীত পঢ়োঁ। জেঠাইৰ লগত যাবলৈ মই ভালকৈ ওলালোঁ। তাত গৈ নাকান্দো, ঘৰলৈ আহোঁ, আহোঁ কৰি নাথাকো, ভালকৈ থাকিম বুলি কথা দি গ'লোঁ।

 কিন্তু কথা দিয়ামতে মই কথা নাৰাখিলোঁ। প্ৰথম দিনাই ৰাতি বিছনাখনত শুবলৈ উঠি কন্দা আৰম্ভ কৰিলোঁ। মই এইখন বিছনাত নোশোওঁ। ঘৰলৈ যাওঁ। মোক থৈ আহক। তাল-ফাল লগাই চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ।

 জেঠাইগৰাকীয়ে মৰমেৰে বুজাব ধৰিলে – ‘হ’ব দে নাকান্দিবি। ভাল কাপোেৰ এখন পাৰি দিম। ইয়াতে আজি শুই থাক। মই কালিলৈ থৈ আহিম ঘৰত।’

 মই নহ’ব বুলি বিছনাৰ ওপৰত বহি কান্দি কান্দি ৰাতি পুৱাই দিলোঁ।

 পুৱা জেঠাইক ক'লোঁ- মোক ঘৰত থৈ আহক। মই নাথাকো। মাক লাগে।

 তেতিয়া পথাৰৰ ধান চপোৱাৰ দিন আছিল। জেঠাইগৰাকীয়ে আনৰ ঘৰত ধান কটাৰ কাম কৰে। তেওঁ মোক বুজাব ধৰিলে – ‘আজি তোক ঘৰত থ’বগৈ নোৱাৰিম। মানুহ এঘৰত ধান কাটি দিম বুলি কথা দিছোঁ। যদি ধান কাটিবলৈ নাযাওঁ তেন্তে তেওঁ ঘৰত আহি গালি দিব।’

 জেঠাইৰ কথা শুনি সেইদিনা থাকিম বুলি ক'লোঁ। জেঠাইৰ ল'ৰা দুটা আৰু ছোৱালী এজনী। ছোৱালীজনী মোতকৈ পাঁচ বছৰমান ডাঙৰ। এটা ল'ৰা মোৰ সমনীয়া আৰু এটা মোতকৈ সৰু। সিহঁতকেইটাক মাকে দায়িত্ব দিলে। - দিনটো মোক নকন্দোৱাকৈ খেলাই থাকিব। সিহঁতকেইটায়ো চোতালৰ আগত থকা দুজোপা তামোল গছত গৰুৰ পঘা বান্ধি তাৰ ওপৰত বস্তা দি ‘ঝুলনা’ বনাই মোক জেঠাই নহালৈকে ঝুলাই থাকিল।

 জেঠাইদুপৰীয়া খৰখেদাকৈ পথাৰৰ পৰা আহি আমাক ছাগলীৰ গাখীৰ উতলাই খাবলৈ দিলে চৌকাৰ কাষতে পীৰাত বহুৱাই।

 মই প্ৰথমবাৰ ছাগলীৰ গাখীৰ পিবলৈ মুখৰ ওচৰলৈ নিওঁতেই কিবা অচিনাকি গোন্ধ এটা নাকত লাগিল। মই গাখীৰখিনি পিব নোৱাৰি মাটিতে থৈ চোতাললৈ দৌৰ মাৰিলোঁ। জেঠাইহঁতৰ ঘৰতে ছাগলী পুহিছিল। ছাগলীৰ মল-মূত্ৰৰ গোন্ধত অপৰিষ্কাৰ পৰিৱেশত সিহঁতৰ ঘৰত থকাটো মোৰ কাৰণে বহু অশান্তিদায়ক হৈ পৰিছিল।

 দিনটো পাৰ হ’ল। ৰাতি কি কৰিম এতিয়া। জেঠায়ে আকৌ কয়।— আজি

৫৯