পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ ডিছ্‌চাৰ্জৰ তাৰিখতকৈ ঘৰলৈ ওভতা ৰে’লৰ টিকটৰ দিন পিছত থকা গতিকে মোক হাস্পতালৰ পৰা ডিছ্‌চাৰ্জ কৰি আনি ভাড়া ৰুমত ৰাখিলে।

 ভাড়া ঘৰৰ মালিকৰ দহ বছৰীয়া ল’ৰাটোৱে এদিন এপ্ৰিলৰ ভৰ দুপৰীয়া গৰম চুৱেটাৰ, জোতা, মোজা, টুপী আৰু চছমা পিন্ধি মোৰ ওচৰত উপস্থিত হ’লহি।

 মই তাক দেখি বিচুৰ্তি খালোঁ। এই গেলা গৰমখনত এয়া সি কি কৰিছে?

 মাক তাৰ বিষয়ে সোধাত ক’লে— ‘জন্মগতভাৱে তাৰ মগজুটো কম হৈ আহিছে। সি কি কৰি থাকে নিজেই গম নাপায়। অলপ ভাল যদিও বেছিভাগেই বেয়া।

 এদিন সি মই শুই থাকোঁতে মোৰ ওচৰলৈ আহি গাটোত ধৰি মাত দিলেহি।

 মই তাক বহিবলৈ দিলোঁ।

 সি মোৰ ওচৰৰ টুলখনতে বহি হাতৰ মুঠিত লুকুৱাই অনা, এটকাৰ মুদ্ৰা এটা উলিয়াই মোৰ বিছনাৰ সন্মুখত থকা ভগৱানৰ ফটোখনত থৈ, সি মোক হাতেৰে বুজালে যে, এই এটকাটো এই কাৰণে ভগৱানৰ ওচৰত দিছোঁ যাতে তোমাক ভগৱানে সোনকালে খোজকাঢ়িব পৰা কৰি দিয়ে।

 মোৰ মনটো দুখেৰে ভৰি গ’ল। যিটো ল’ৰাই দিন নে ৰাতি, গৰম নে ঠাণ্ডা নিজৰ কথা গম নাপায়, সেই ল’ৰাটোৱে মোৰ দুখত দুখী হৈ ভগৱানক প্ৰাৰ্থনা কৰিছে মোক ভাল কৰি দিবলৈ।

 মানুহৰ অন্তৰ!

 নিৰ্ধাৰিত ৰে’লৰ টিকটৰ দিনত আমি ঘৰলৈ আহিবলৈ যো-জা চলালো। লগত লৈ আহিলো হাস্পতালত এই দুয়োবাৰতে উপস্থিত থকা মানৱ-জীৱনৰ এখন এখন নতুন কিতাপৰ সমল। য’ত হাস্পতালত থকা প্ৰতিজন ৰোগীৰ জীৱন সংগ্ৰামৰ দিনলিপি খোদিত হৈ আছিল। জীৱন যুদ্ধৰ বিজয়ী সৈনিক আছিল প্ৰত্যেকজন। প্ৰতিজন বীৰ যুঁজাৰুৰ সাহস দেখি ভাবিছিলো— নিয়তিয়েও হয়তো এসময়ত হাৰ মানিব তেওঁলোকৰ সাহসৰ ওচৰত।

১৪৬