পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুঠি মুঠি সপোন সিঁচৰতি হৈ আছিল মোৰ চৌপাশে, চৰাই-চিৰিকটিৰ কলকলনিত সাৰ পাইছিল প্ৰতিটো পুৱা। মোৰ চিঞৰত ঘৰৰ পিছফালৰ বাৰীত মই শোৱাৰ পৰা নুঠাৰ আগৰে পৰা কোৰ মাৰি থকা মায়ে য’ৰ কাম ত’তে এৰি থৈ গা ধুই চাহৰ কাপটো মোক আগতেই দিছিলহি।

 য'ত মোৰ খোজৰ চাবত ফুটিছিল চোতালত বাৰিষাৰ বৰষুণ ফুল। বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পখিলাৰ দৰে ডেও দি দি নাচিছিলোঁ। গৰম দিনত ঘামচিৰ চিটচিটনিৰ পৰা পৰিত্ৰাণ পাবলৈ আইতাহঁতৰ মুখত শুনা, দুটা ঘৰৰ মাজত থকা নাওৰাৰ পৰা বাগৰি অহা বৰষুণৰ পানীত তিতি গা ধুলে ঘামচি নাইকিয়া হয় বুলি কথিত বাক্যশাৰী নিজে প্ৰয়োগ কৰি চাইছিলোঁ। নতুনকৈ ইটা বালিৰে পকী কৰা দমকলটোৰ তলৰ ঠাইখিনিত পানী যাবলৈ থোৱা সৰু লুৰিটোত পলিথিনিৰ মোনাত বালি ভৰাই পলিথিনটোৰ মুখখন টানকৈ বান্ধি পানী ওলাই যাব নোৱাৰাকৈ লুৰিটোত সোপা দিছিলোঁ। দমকল মাৰি মাৰি পকাখিনিত অলপ পানীৰে সৰু পুখুৰী বনাই তাতে আটাইকেইটাই গা ধুইছিলোঁ।

 আঘোণৰ পথাৰত ধান পকা দিনত সোণোৱালী পথাৰৰ পৰা লক্ষেশ্বৰ খুড়াই ধান কঢ়িয়াবলৈ ওলাওঁতে উদং গৰু গাড়ীত উঠি বা, মালা আৰু বাবুৰ সৈতে গৈছিলোঁ। খুড়াই কাটি থোৱা ধানৰ মুঠিবোৰ ডাঙৰি বান্ধি গৰুগাড়ীত ভৰায় মানে আমি আটাইকেইটাই পথাৰত পৰি থকা ধানৰ লেছেৰি বুটলিছিলোঁ। লেছেৰিবোৰ বুটলি লগত নিয়া নিজৰ নিজৰ পলিথিনৰ মোনাকেইটাত ভৰাইছিলোঁ। কাৰ মোনাত বেছি লেছেৰি ভৰিছিল, তাৰো প্ৰতিযোগিতা চলিছিল।

.....

 আজিও মোৰ দুচকুত সোণালী শৈশৱৰ কেতিয়াও বিলীন নোহোৱা মধুৰ স্মৃতিবোৰ জীৱন্ত হৈ আছে। আমি গৰুগাড়ীৰ পিছে পিছে মোনাকেইটা জোকাৰি পোকাৰি ঘৰমুৱা পখীৰ দৰে ঘৰলৈ ওভতো! মনত পাৰাপাৰহীন আনন্দ— আজি মই মোনাত সিহঁততকৈ বেছি ধান গোটালোঁ। এইবাৰ ধান বেচি বহু টকা পাম। সেই টকাৰে কি কৰিম। ক্লিপ কিনিম নে খাৰু কিনিম। নে ধুনীয়া চাই এটা কলম কিনিম!

 কিমান যে ভাবনা! লেখহীন!

 ধানৰ লেছেৰিখিনি আনি নিজৰ নিজৰ সদায় থোৱা ধানৰ দ'মখিনিত থৈ দিওঁ। দ’ম বুলি ক'বলৈ এক কেজিয়ে এটা দ’ম।

 মনে মনে এই শংকাতো থাকে, সিহঁতকেইটাই মোৰ পৰা মই গম নোপোৱাকৈ ধান লৈ যাব নেকি? সিহঁতে মোতকৈ বেছি টকা পাব নেকি?

৪২