পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাপাওঁতেই মায়ে ক’লে- তই কান্দিলে তাই বেছিকৈ কান্দিব। সেই গতিকে নাকান্দিবি।

 বিয়াৰ দিনা কান্দি কান্দি বাৰ চকু উখহি গৈছে। তাইক সেইদিনা কইনা কইনা লগা নাছিল। তাইৰ ধুনীয়া মুখখন দেখিবলৈ ইমান বেয়া লাগিছিল যে বৰ্ণনা কৰিব নোৱাৰি।

 তাইৰ দুখৰ অনুভৱ মই সেইদিনা গভীৰভাৱে ল’ব পৰা নাছিলোঁ। কাৰণ তেনে এটা মুহূৰ্তত ঘৰ এৰি যাব লগা মোৰ জীৱনত অহা নাছিল অনুভৱ কৰিব পৰাকৈ।

 মই কন্দা নাই। বুকুত শোকে খুন্দা মাৰি ধৰিছে। যিজনী বাৰ লগত প্ৰতিটো পল জনা নোহোৱাৰ পৰাই হাতত হাত ধৰি ফুৰিবলৈ গৈছিলোঁ, একেটা শ্ৰেণীতে একেলগে বহিছিলোঁ, শিক্ষকে কেতিয়াবা পঢ়া নোৱৰাত বাক মাৰিব বিচৰাত মাৰকেইটা নিজৰ হাতত ল’ব বিচাৰিছিলোঁ, সেইজনী বা চিৰদিনৰ কাৰণে আনৰ ঘৰত থাকিব লাগিব। কি অসহনীয়!

.....

 মাক-দেউতাকে, পৰিয়ালে পছন্দ কৰা উপযুক্ত বুলি ভবাজনৰ লগত বিয়াত বহিব লাগে। কেতিয়াবা এনেকুৱা বিবাহো হৈ যায়, দৰা-কইনাৰ সন্মতি নাথাকে যদিও অগ্ৰজসকলৰ কথা ৰাখি বিবাহ বান্ধোনত আবদ্ধ হ’ব লাগে। হৃদয়ৰ এডুখৰি ক’লা পেলায়।

 এখন ঘৰত মাকৰ চাদৰৰ আঁচলৰ উমত ডাঙৰ হোৱা, দায়িত্ব কি জনা নোহোৱা বস্তু বুজা-নুবুজা জনীয়েও বিয়াৰ পিছত এঘৰত সমূহীয়া দায়িত্ব ল’ব লগা হয়। পত্নী, বোৱাৰী, বৌ, জাঁ, বৰমা, খুৰী সম্পূৰ্ণ সম্বন্ধ সূচাৰুৰূপে পালন কৰিব লাগে।

 ‘মা’ – এগৰাকী ছোৱালীৰ বিয়াৰ পিছত এটা সম্বন্ধ। পৰিয়ালৰ বংশ বৃদ্ধিত এগৰাকী ছোৱালীয়ে বিয়া হোৱাৰ পিছত বোৱাৰী হৈ সন্তান জন্ম দিয়াৰ পিছত। সন্তানৰ লগত হোৱা সম্বন্ধৰ নাম ‘মা’। পৃথিৱীৰ ভিতৰত এই পৱিত্ৰ শব্দটোতকৈ ঊধৰ্বত আৰু কোনো শব্দ নাই।

 কিন্তু! এই শব্দটোৰ কাৰণে কোনোবাজনীৰ মনত কেতিয়াবা এনেদৰে আঘাত

৮৫