পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবলৈ ওলাইছে তেনেকৈ কৰিলে নহ’ব।’ তেখেতে খঙাল মূৰ্তিৰে ক’লে— ‘কিয়?’ মই তেখেতক নম্ৰভাৱে ক’লো— ‘মোৰ ভৰিত যদি আপুনি এনেদৰে প্লাষ্টাৰ কৰে, তেনেহ’লে দুদিনৰ পিছত ভিতৰি ভিতৰি এই ঠাই টুকুৰাত ঘা হৈ যাব।’ তেখেতে দুগুণ খঙেৰে ক’লে— ‘তুমি ডাক্তৰ নে মই ডাক্তৰ?’ মই ক’লো— ‘আপুনিয়েই ডাক্তৰ। তথাপি মই মোৰ শৰীৰটোৰ কিছু কথা জানো। গতিকে কৈছোঁ আপুনি প্ৰথমে মোৰ ভৰিখন বেণ্ডেজ কাপোৰেৰে ভালকৈ মেৰিয়াই তাৰ পিছত প্লাষ্টাৰ কৰক। নহ’লে নিশ্চয় ঘা হৈ যাব আৰু মই কষ্ট বেছি পাম।’ তেখেতে মোৰ কথাখিনি মানি নলৈ বহু গালি-গালাজ কৰি নিজৰ মতে বেণ্ডেজ কৰি পঠিয়াই দিলে। আমিও ঘৰলৈ ঘূৰি আহিলোঁ, ঘা হোৱাৰ শংকা লৈ। এতিয়া আকৌ সেই বিছনাতে বন্দী হৈ তিনিমাহ থাকিব লাগিব। মনটো সেমেকিল। কৰ্মব্যস্ততাৰ কাৰণে সৌৰভ নহা হোৱাৰে পৰা মোৰ মনৰ খোৰাকো নোপোৱা হ’লোঁ। মই আন মানুহক কিতাপ নিবিচাৰো। ভাব হয়— ‘কিতাপ পঢ়িবলৈ বিচাৰিলে দিবলৈ টান পাব নেকি? আৰু সেই কথা ভাবিয়েই আজিলৈকে কাৰোপৰা এখন কিতাপো বিচৰা নাই পঢ়িবলৈ।’

 মাত্ৰ দুটা দিন পাৰ হৈছেহে, ভঙা ভৰিখন প্লাষ্টাৰৰ খোলাটোৰ ভিতৰৰ পৰা এটা পচা পচা দুৰ্গন্ধই নাক চুলেহি। আমি অনুমান কৰাটোৱে হ’ল—প্লাষ্টাৰৰ ভিতৰত থকা শুকাই যোৱা ঘা টুকুৰা গাপ খাই আকৌ ঘা হৈ গ’ল। এইবাৰ মনটো এনেদৰে পিষ্ট হ’ল যে নিশ্বাসখিনিও তিতা হৈ ভিতৰৰ পৰা ওলাই আহিল। কি হ’ব এতিয়া? প্লাষ্টাৰ খুলি দিলে ভগা ভৰি জোৰা নাখাব আৰু যদি প্লাষ্টাৰ খুলি দিয়া নাযায়, গোটেই ভৰিখন গেলি যাব। দোধোৰ-মোধোৰ মাজত এটা দিন পাৰ কৰি আকৌ নগাঁৱৰ প্লাষ্টাৰ কৰি দিয়া ডাক্তৰজনৰ ওচৰলৈ লৈ গ’ল।

 তেখেতৰ ভুলৰ কাৰণেই যে মই কষ্টত ভুগিছোঁ, তাৰ বাবে তেওঁক অলপো অনুশোচনা কৰা যেন অনুভৱ নকৰিলোঁ। প্লাষ্টাৰ খুলি দি তেখেতে আমাক বিদায় দিলে। আমি ঘৰলৈ উভতি আহিলোঁ। জোৰা এৰাই যোৱা ভৰিখন আৰু গিলে যোৱা ঘাটো লৈ। সকলোৰে মনবিলাক বিষাদে ছানি ধৰিলে। এটা কথা মই দকৈ অনুভৱ কৰোঁ যে মনবিলাক যিমানেই বিষাদে ছানি নধৰক আমি সহজে দুৰ্বল হৈ নপৰোঁ।

 এইবাৰ আমি ঘৰতে ভৰি প্লাষ্টাৰ নকৰাকৈ জোৰা লগাম বুলি ভাবিলোঁ আৰু ঘাত শুকুৱাম বুলি মনতে দৃঢ় হ’লোঁ। ঘা ডোখৰত ঘা শুকোৱা পাউদাৰ দি থকা হ’ল। ভৰিখন জোৰা লগাবৰ কাৰণে এহাতমান কেঁচা বাঁহৰ মিহিকৈ কটা কামি চাৰিডাল বনোৱা হ’ল। এতিয়া ঘা ডোখৰ মুকলিকৈ থৈ তলত বেণ্ডেজৰ কাপোৰেৰে

১৬০