পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি ন-দৃষ্টিৰে জীৱনটোক উপভোগ কৰিবলৈ হাতত কলম তুলি ল'লোঁ। ড° ভূপেন হাজৰিকাৰ এটি গীতলৈ মনত পৰিছে—

“মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই,
জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই।
.... .... .... ....
যিমান পাৰা হোৱা অগ্ৰগামী নৰ’বা কিঞ্চিৎ কোনো লাভ নাই।

 জীৱনটো সঁচাকৈয়ে সুন্দৰ। জীৱনৰ নোপোৱাখিনিৰ হা-হুতাহ পাহৰি গতিশীল সময়ৰ লগত আগুৱাই যাবলৈ মই পণ কৰিছোঁ। সীমাহীন শাৰীৰিক যন্ত্ৰণাৰ মাজতো জীৱনৰ নতুন অৰ্থ বিচাৰি...



□ □ □

১৬৮