(চৈধ্য)
ডেৰ বছৰ পাৰ হ'ল। ডাক্তৰৰ ভৱিষ্যদ্বাণী ‘সমাগত মৃত্যু’ বিফল কৰি মোৰ জীৱনে শতগুণ যন্ত্ৰণাক মেৰিয়াই লক্ষ্যভ্ৰষ্ট পথেদি গতি কৰিছিল অন্তহীন দিগন্তলৈ।
মৃত্যুৱেও চাগে ভাৱিছিল মোৰ শাস্তিৰ ‘আয়ুস’ অন্ত পৰা নাই।
দেউতাই এটা ক’লা-বগা টি ভি কিনি আনিলে দিল্লীৰ পৰা। দেউতা দিল্লীত আছিল। মা আৰু দেউতাই ভাবিছিল মোৰ ভগ্ন হৃদয়ত মনোৰঞ্জক সামগ্ৰী এটা গোটাই দিলে অন্ততঃ অলপ সময়ৰ কাৰণে মনটো ভাল লাগিব।
কিন্তু দেউতা, মায়ে যি ভাবি মোৰ কাৰণে টি. ভিটো আনিলে, সেই ভাবে মোক সুখী কৰাৰ বিপৰীতে খুব কম বয়সৰ পৰা কোমল কলিজাত গাপ খাই থকা ঘা এটুকুৰাহে খুঁচৰি দি পুৰণি বিষ এটাৰ উক দিয়ালে।
‘মহাভাৰত’ ধাৰাবাহিকখন টি. ভিত দি আছিল। প্ৰতি দেওবাৰে পুৱা ন বজাৰ পৰা এক ঘন্টা। আমাৰ গাঁৱত তেতিয়া মাত্ৰ চাৰিটা টি. ভি. আছিল। আশী ঘৰ মানুহৰ ভিতৰত।
মই খুব কমকৈ টি ভি চাব গৈছিলোঁ। মানুহৰ ঘৰলৈ গৈ বেয়া পোৱা স্বভাৱটোৰ কাৰণে মই টি ভি চাবলৈ নগৈছিলোঁ।
এদিন ‘মহাভাৰত’ত বিশেষ এখন যুদ্ধৰ খণ্ড আছিল। এসপ্তাহৰ পৰা ভাল খণ্ড বুলি শুনি সেইদিনা ময়ো গলোঁ মালা, বা, সোণমণি আৰু জাহ্নৱীৰ লগত।
সেইদিনা টি. ভি. চাবলৈ গৈ কিবা কাৰণত মোৰ বুকুত এটুকুৰা নুশুকোৱা ‘ঘা’ লাগিল! যি কোনো দিনে নুশুকাব।
দেউতাই যি ভাবি টি. ভিটো আনি দিলে, টি. ভিটোৱে মোক অকণো মনৰ খোৰাক দিব নোৱাৰিলে।
তথাপি চলি থাকিল মোৰ চকুৰ সন্মুখত। আমাৰ নতুন টি. ভিটোত প্ৰতিটো অনুষ্ঠান চাই বাছি বাছি কেইটামান অনুষ্ঠান নিৰ্ধাৰণ কৰি লৈছিলোঁ। তেতিয়া টি ভিৰ চেনেল আছিল এটা। ডি. ডি. ৱান। সেই চেনেলটোতে সোমবাৰে নিশা ন বাজি
ত্ৰিশ মিনিটত এখন হিন্দী চিৰিয়েল দিয়ে “আলিফ লেইলা”, দহ বজাত দিয়ে
৭৮