পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলে। সেই মুহূৰ্তত মোৰ মনৰ ভাব কি হৈছিল ব্যাখ্যাতীত। মানুহগৰাকীয়ে। কিবা মন্ত্ৰ মাতি টিকাকেইটা লৈ আমাৰ ঘৰৰ পৰা ওলাই গ'ল।

 আমাৰ কাৰণে আজিও সাঁথৰ হৈ থাকিল। ষাঠি বছৰীয়া মানুহগৰাকীৰ স্তনৰ পৰা পোন্ধৰ-ষোল্ল দিনীয়া কেঁচুৱাটোৱে সঁচাকৈ গাখীৰ খাইছিলনে?

 মোৰ বিষাদঘন নিশাবোৰত উজাগৰে থাকি কেতিয়াবা কেতিয়াবা উচপ খাই উঠিছিলোঁ। অক্ষত নোহোৱা কিছুমান আতংকিত ঘটনাই নিশা চকুৰ টোপনি হৰিছিল।

 তেতিয়া কোনো কোনো আত্মীয়-কুটুমে নিজে মোক আৰোগ্য কৰিবৰ বাবে বেজ, ওজা, তান্ত্ৰিক লৈ আহিছিল।

 সেইজন তান্ত্ৰিকে আকৌ যোগিনী পোহে। যোগিনীজনীক দুপৰ নিশা তান্ত্ৰিকজনে আন্ধাৰ হোৱা কোঠা এটাত তন্ত্ৰ-মন্ত্ৰৰে মাতি আনি ৰোগ-ব্যাধি হোৱা মানুহক আৰোগ্য কৰে।

 যিজন মানুহে যোগিনী পোহা মানুহজনক আনিছিল তেতিয়া কালসন্ধ্যা আছিল। তান্ত্ৰিকজনৰ লগত আৰু দুজন মানুহ আহিছিল। সেইদিনা আমাৰ ঘৰত থাকি দুপৰ নিশা বাৰ বজাত যোগিনীজনীক মাতি আনি মোক ভাল কৰিব।

 যোগিনী পোহা তান্ত্ৰিকজনৰ উপস্থিতিত আমাৰ ঘৰখন ত্ৰাসত ডুবিছিল। কাৰো মুখলৈ এটুপি পানী নগৈছিল। এক অজানিত শংকাই দেখা দিছিল প্ৰত্যেকৰ চকুত।

 মোৰ মনৰ ভিতৰৰ আলোড়ন আছিল বৰ্ণনাতীত। ঘৰখনৰ এনে অকল্পনীয় পৰিস্থিতি মোৰ কাৰণে হোৱা বাবে ভিতৰি ভিতৰি মই অন্তৰ্দ্বন্দ্বত ভুগিছিলোঁ।

 বুকুৰ তলৰ পৰা যন্ত্ৰণাৰ এটা অগ্নিগোলক উঠি আহি সৰ্বশৰীৰ আবৰি ধৰিছিল।

 গভীৰ নিশা বাঁহবাৰীখনত নাম নজনা চৰাই এটাৰ ভয়ংকৰ কৰ্কশ মাতৰ বাহিৰে নিঃশব্দ নিজান-নিৰ্বাক ঘৰখন।

 বা, মালা, বাবুক বেলেগ এটা কোঠাত থাকিবলৈ দিছিল। মই থকা কোঠাটোত তিনিজন মূৰৰ পৰা ভৰিলৈকে ক'লা কাপোৰ পিন্ধা কেট কেট কৰে ক'লা মানুহ।

১৯