সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাঠৰ বেৰৰ ঘৰটো নাই। কোদোৰ বিষাে নাই। থাকি গ’ল কোদোৱে হাতত বিন্ধি ক’লা পেলাই থৈ যােৱা দাগটো। চিৰস্থায়ী কৰি ভাটৌটো অঁকা চিন হিচাপে।

 ছবি অঁকাৰ লগতে মই এতিয়া তলপেট কৰি হাতৰ কিলাকুটি দুটাত ভেজা দি প্ৰস্ৰাৱত শুই শুই কাপােৰত ফুল তােলাে হাতেৰে। মা, বা, মালাক এযােৰ এযােৰ চাদৰ-মেখেলাত হাতেৰে ফুল তুলি দিছোঁ। মই কাগজৰ ঘৰ বনাওঁ, কুঁহিলাৰে পাৰ চৰাই বনাই পেলনীয়া কাপােৰ কিনি অনা বাকচত জিলমিলিয়া কাগজ লাগাই সজাই থােৱা বস্তু বনাওঁ। নতুন বছৰৰ কাৰণে ‘গ্রীটিংছ’ কার্ড বনাওঁ। কেতিয়াবা বনাই থােৱা বস্তু কাৰােবাক ‘উপহাৰ’ হিচাপেও দিওঁ।

 সময় পাখিলগা কাঁড়ৰ গতিৰে আগবাঢ়ি গৈ আছিল। ময়াে মােৰ দুখ-বেদনা, হতাশা, যন্ত্রণাৰে পৰিপূর্ণ জীৱনটো পাখিলগা কাঁড়ৰ পিছত বান্ধি দি গতি কৰিছিলোঁ বৰ্তমানৰ দিনটো অতীত কৰি।

 এদিনাখন মায়ে আমাৰ ভঙা ৰেডিঅ’টোৰ ধূলি-মাকতি জাৰি-জোঁকাৰি আনি মােৰ হাতত দিলেহি।

 এইটো ল’ । বেটাৰী তিনিটা আনি দিম বাজেনে নাবাজে চাই ভাল হ’লে বজাব পাৰিবি। মােৰ হাতত ভগা ৰেডিঅ’টো দিয়াত মনত এনেকুৱা এটা অনুভৱ হৈছিল— মায়ে যেন মােক নতুন ৰেডিঅ’ এটাহে হাতত সুখ হিচাপে উপহাৰ দিছে।

 পুৰণা ভগা ৰেডিঅ’টোকে মই বেটাৰী লগাই বজাব ধৰিলোঁ।

 দুঃখিত। ৰেডিঅ’টো নাবাজে, বেয়া।

 মােৰ মনটো মৰহি গ’ল লগে লগে।

 মনটো ভাল লাগিবৰ কাৰণে মায়ে ৰেডিঅ’টো দিলে। তাকো বেয়া।

 মায়ে মােৰ মনটো বুজিব পাৰি ভাল কৰি আনি দিব বুলি ক'লে।

 কথা দিয়া মতে মায়ে গাঁৱৰ খুৰা এজনৰ হতুৱাই ৰেডিঅ'টো ভাল কৰি আনি দিলে।

 ভাল হােৱাত হ’ল। কিন্তু এটা খুঁত থাকি গ’ল। ৰেডিঅ’টোৰ পিছফালে ঢাকনিখন খুলি ৰেডিঅ’টোৰ ভিতৰৰ যন্ত্ৰ-পাতিৰ সৰু নট এটা হাতৰ আঙুলি এটাৰে হেঁচি ধৰি থাকিলেহে ৰেডিঅ’টো বাজি থাকে। আঙুলিটো আঁতৰাই আনিলে বন্ধ হৈ যায়।

 মই, ৰেডিঅ’টোৰ নটটো আঙুলিৰে হেঁচি থাকি, তেতিয়া সদায়-পুৱা সু-প্রভাত, বন্দনা, ন বজাত চিত্ৰগীত, দুপৰীয়া কল্পতৰু লগতে মােৰ ভাল লগা অনুষ্ঠান

কেইটামানাে শুনো। গীতকেইটা শুনি থাকোঁতে ৰেডিঅ’টোৰ নটটো আঙুলিৰে যে

৭৩