(চাৰি)
স্মৃতি এনে এক অনুভৱ, যি বিস্মৃতিৰ পিছতো লগ এৰা নিদিয়ে। নিঃকৰুণভাৱে কাঢ়ি নিয়া মোৰ জীৱনৰ হাঁহি-আনন্দৰ দিনবোৰ এতিয়া মোৰ কাৰণে ‘স্মৃতি’। একাকী ডুখৰীয়া কলিজাত এতিয়া সুখৰ স্বাদ দিয়ে শৈশৱৰ মধুৰ স্মৃতিয়ে। নীৰব মুহূৰ্তবোৰত সোঁৱৰণীয়ে আমনি কৰি বুকুৰ ভিতৰখন উত্তাল কৰি তোলে যদিও মই সুখী হওঁ সজীৱ হৈ থকা স্মৃতিবোৰৰ লগত একাত্ম হৈ।
লানি নিছিগাকৈ নিৰৱচ্ছিন্ন হৈ বৈ থাকে অক্ষয়িষ্ণু হাঁহি, আনন্দৰ সেন্দুৰীয়া দিনবোৰ। বা, মালা, সমনীয়াৰ লগত সৰুতে খেলা খেলবোৰ কেতিয়াবা অভিমানত মুখেৰে চুপতা-চুপতি লাগি মুখ ওন্দোলাই অলপ সময়লৈ নমতা-নমতিকৈ থকা অভিমানবোৰলৈ, হাতৰ কেঞা আঙুলিৰে “কাট্টি’ দি ইজনীয়ে সিজনীক নামাতো বুলি দৃঢ় প্ৰতিশ্ৰুতি দি খন্তেকতে আকৌ মতা-মতি হোৱা। এনেবোৰ কেতিয়াও নিমজ্জিত নোহোৱা স্মৃতিয়েই এতিয়া মোৰ সহচৰ।
মই তেতিয়া ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হওঁ। আমি থকা ঘৰটোৰ মাটিখিনি কম হোৱাৰ বাবে আমাৰ ঘৰটোৰ কাষতে থকা অলপ বহল মাটি কিনি দেউতাই ঘৰ সাজিবলৈ আৰম্ভ কৰে। আমি আটাইকেইটা বাই-ভনীয়ে নতুন ঘৰলৈ যাবলৈ পাম বুলি যিমান আনন্দিত হ'ব লাগিছিল, সিমান আনন্দিত হ’ব পৰা নাছিলোঁ। আনন্দতকৈ বিষাদে বেছিকৈ আৱৰি ধৰিছিল আমাৰ মনবোৰ। আমি আমাৰ পুৰণা ঘৰটো বেছিকৈ ভাল পাইছিলোঁ। সৰু আছিল যদিও আমাৰ শৈশৱৰ সুখ-দুখ, হাঁহি- কান্দোন, অভিমান সকলো স্মৃতিৰে সাক্ষী আছিল।
এদিন আমি অতিকৈ আপোন মৰমৰ ঘৰখন এৰি নতুন ঘৰত প্ৰৱেশ কৰিলোহি। এই ঘৰটো আগৰ দৰে বাঁহেৰে বনোৱা দুটা খোটালী, এটা পাকঘৰ, এটা ঢেঁকীঘৰ, এটা সৰু ভঁৰালঘৰ।
মোৰ নতুন ঘৰটো অলপো ভাল লগা নাছিল। পুৰণি ঘৰটোৰ মোহে এনেদৰে আৱৰি ৰাখিছিল যে মই বহুদিনলৈ সহজ হ’ব পৰা নাছিলোঁ।