পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মায়ে বাহিৰৰ ৰ'দত শুকাবলৈ দিয়া ফটা কাপােৰ কেইখন আনিলে। এখন এখনকৈ ইখনৰ ওপৰত সিখন ডাঠকৈ ক'লা পানী-কাপােৰখনৰ ওপৰত পাৰি দি মােক তলপেট কৰি শুৱাই দিলে। মােৰ পিঠিৰ তল কঁকালৰ পৰা এখন ডাঠ প্লাষ্টিকৰ পলিথিন ভৰিৰ কলাফুললৈকে ঢাকি দি তাৰ ওপৰত এখন কাপােৰেৰে চাকি দিলে।

 ভৰিৰ তেজেৰে ডােঙা খাই থকা দ গাঁতকেইটা অদৃশ্য হৈ পৰিল কাপােৰ পলিথিনৰ মাজত।

১০