পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেৰিয়াই মেৰিয়াই তাৰ তলে-ওপৰে চাৰিডাল কামি দি টানকৈ গৰম বেণ্ডেজ বান্ধি দিয়া হ’ল। ঘাডোখৰো বেণ্ডেজৰ মাজত নোসোমাল আৰু ভৰিখনো জোৰা লগোৱাৰ ব্যৱস্থা কৰা হ’ল। তেনেদৰে এসপ্তাহ থকাৰ পিছত আকৌ ৰ’দত বহুৱাই বেণ্ডেজ খুলি দি পৰিষ্কাৰ কৰি পুনৰ বেণ্ডেজ কৰি দিলে।

 মোৰ সেই কামখিনি বহুত নিপুণতাৰে মালা, বাবু আৰু মায়ে কৰিছিল। ঠাণ্ডা দিন হোৱা গতিকে ৰ’দ ওলোৱাৰ পিছত হুইল চেয়াৰত অশেষ কষ্টেৰে চোতালত নি বহুৱাই থয়। এনেদৰে তিনিমাহ পাৰ হ’ল। মোৰ ভৰিৰ জোৰাও লাগিল আৰু ঘাডোখৰো শুকাল।

 নিশাৰ ঘোপমৰা আন্ধাৰবোৰ নাইকিয়া হৈ পুৱাৰ পোহৰে ধৰিত্ৰীক উজলাই তোলাৰ দৰে মোৰ তিনিমহীয়া দুখবোৰে মোৰ পৰা বিদায় লৈ গুচি গ’ল। মই আকৌ আগৰ দৰে মুকলি মনেৰে জোনাক নিশা আঠনমান বজালৈকে চোতালত নীৰৱে বহি কথা পাতিব পৰা হ’লোঁ।

 হুইল চেয়াৰত বহিব পৰা হোৱাত মই প্ৰায়ে নিঃসংগতাৰে চোতালত বহি থাকোঁ। মোৰ অতিকৈ ভাললগা সময় সেইখিনি।

 মোৰ নিজৰ সময়।

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ-১১
১৬১