পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ বুজিবলৈ বাকী নাছিল। বুকুখনে হাহাকাৰ কৰি উঠিছিল মাৰ অভিব্যক্তি দেখি। শব্দ বিচাৰি পোৱা নাছিলোঁ, মাক সান্তনা দিবলৈ।

.....

 সেই দুখন হাতেৰেই আলফুলে মৰমৰ উমেৰে ডাঙৰ কৰিছিল, জেংখৰিৰ নিচিনা হাত-ভৰিকেইটা সদায় নিজে গা-ধোৱাই ঠাণ্ডা দিনত ৰ’দত থিয় কৰি মিঠাতেল সানি দিছিল, আতি-আতিকৈ মালিচ কৰিছিল সুস্থ-সুন্দৰ শৰীৰ কৰি ৰাখিবলৈ।

 মায়েতো তেতিয়া ভবা নাছিল— তেওঁলোকৰ কণমানিজনীৰ শৰীৰটোত এদিন ঘূণে ধৰিব। দীঘল দীঘল পাবৰ ভৰিৰ আঙুলিৰ ধুনীয়া নখকেইটা প্ৰস্ৰাৱত পৰি পৰি এদিন হাতেৰে স্পৰ্শ কৰিলেই খহি যাব বুলি!

 নেভাবিছিল।

 তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা খৰি ফলা, বছৰটোৰ কাৰণে আনৰ ঘৰত লগোৱা ধানখিনি সময়ত চাইকেলখনত, সেই বয়সত টানিব নোৱাৰিলেও হেঁচুকি হেঁচুকি মাকৰ লগে লগে ঘৰলৈ অনা, মাকৰ প্ৰতিটো কামৰ একমাত্ৰ সাৰথিজনী আজি এনেদৰে যন্ত্ৰণাত শয্যাশায়ী হৈ পৰিব।

 নেভাবিছিল!

 প্ৰয়োজনীয় ঘৰৰ বজাৰখিনি কৰিবলৈ ভৰিৰে পেডেল ঢুকি নোপোৱাকৈ এবাৰ ইফালে, এবাৰ সিফালে কঁকাল ঘূৰাই ঘূৰাই দেউতাকৰ চাইকেলখন চলাই এমাইল দূৰৰ পৰা বজাৰ কৰি আনি সহায় কৰা ছোৱালীজনীৰ ভৰি দুখন এদিন অচল হৈ পৰিব?

 অলপতে মাকক কিবা এটা বিচাৰিলে যদি বিচৰা বস্তুটো নথকাত মাকে বেলেগ এটা বস্তু দিয়ে, নালাগে মোক, মই বিচৰাটোকে দিব লাগিব বুলি প্ৰতিবাদ কৰি সৰুতে চিঞৰি চিঞৰি কন্দা ছোৱালীজনীয়ে আজি এইটো জীৱন নালাগে বুলি প্ৰতিবাদ কৰি চাৰি-পাঁচ বছৰে এবাৰ কিয় কন্দা নাই?

 বিছনাত শয্যাশায়ী হৈ থকা নিজৰ তেজ-মঙহৰ জীয়ৰীজনীক আৰোগ্য কৰি ভোলাৰ সকলো প্ৰকাৰৰ অপৰিসীম প্ৰচেষ্টা অৰ্থহীন হোৱাত ম্ৰিয়মাণ হৈ পৰিছিল।