পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ষোল)

 অসহনীয় ভৰিৰ পোৰণিৰ পৰা অলপ সময় নিস্তাৰ পাই নিদ্ৰা ৰ কোলাত প্ৰশান্তিৰে টোপনি যাবৰ কাৰণে মই এমাহমান উপায়ান্তৰ নেদেখি আপাকাপ পানী মিহলাই নামমাত্ৰ এলক’হ’লৰ সহায় লৈছিলোঁ মাৰ সন্মতি অবিহনে। মাৰ অন্তৰত প্ৰহাৰ কৰি নিজে প্ৰশান্তি লৈছিলোঁ। আত্মকেন্দ্ৰিক হৈ পৰিছিলোঁ। নিজৰ পৰা নিজে পলায়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ।

 চেষ্টা কৰিছিলোঁ মাক বুজাবলৈ নিশব্দে- মই বাধ্য।

 দপদপীয়া জুইকুৰাৰ পীড়াৰ পৰা বিন্দুমাত্ৰ পৰিত্ৰাণ বিচাৰি যে ভুল পথৰ আশ্ৰয় লৈছোঁ, তাকে বুজাব বিচাৰিছিলোঁ।

 ভৰিৰ দহনতকৈ সেই মুহূৰ্তত অন্তৰ্দহনত মই বেছিকৈ দহি মৰিছিলোঁ।

 ছাইলৈ পৰিণত হৈছিলোঁ।

 সময়ে বিমৰ্ষ কৰা জীৱনৰ ওচৰত পৰাস্ত হৈছিলোঁ।

 পৰাস্ত হৈছিল মোৰ ‘বিবেক’।

 শৰবিদ্ধ হৈছিল মাৰ ‘অন্তৰখন’।

 নিজকে প্ৰশ্ন কৰিছিলোঁ -

 আঃস মোৰ জীৱনৰ পীড়াৰ শেষ সীমা বা ক’ত?

 কেতিয়া অন্ত হ’ব অসহনীয় পোৰণি?

 শেষত এলক’হলেও মোৰ চকুত টোপনি আনিব নোৱৰা হ’ল।

 ৰথৰ চকৰিৰ দৰে জীৱনে গতি কৰি থাকিল। মায়ে মোক সুস্থ অৱস্থালৈ আনিবৰ কাৰণে পাঁচ বছৰেও নিয়তিৰ ওচৰত, হাৰ নামানি চিকিৎসা কৰিয়ে থাকিল।

 এইবাৰ সৌৰভে এজন চিকিৎসকৰ খবৰ এটা দিলেহি।

 ‘খুৰী, জুলী এইবাৰ ভাল হ’ব। মই এজন ডাক্তৰৰ খবৰ লৈ আহিছোঁ।

আপুনি ওলাব। মই আৰু আপুনি গৈ ডাক্তৰজনক লগ ধৰিম।’

৮৭