পেডেল ঢুকি নােপােৱা দিনৰে পৰা চাইকেল শিকি কিমান বাৰ পৰি কিমান কষ্ট পাইছিলোঁ, হিচাপ নাই। কিজানি তেতিয়াই মােৰ শৰীৰটোত ঘুণে ধৰিলে আৰু ঘুণে বিন্ধি বিন্ধি নষ্ট কৰি একেবাৰে নিঃশেষ কৰি পেলালে।
মাৰ প্ৰয়ােজনীয় প্রায়খিনি কামেই মই কৰি দিছিলোঁ। চাইকেল চলাব জনা হােৱাৰ পৰা এক কিলােমিটাৰ দূৰত থকা ডিমৌ চাৰিআলিৰ ধান বনা মিলত দিগন্ত আৰু মই মাহটোৰ কাৰণে ধান বানি আনাে। মােৰ ডিমৌ চাৰিআলিটোৰ মাজেৰে ধানৰ বস্তা থেলি নিবলৈ লাজ লাগে, গতিকে মই ডিমৌ এম. ভি. স্কুলৰ কাষতে পথত ৰৈ থাকোঁ। ধানৰ বস্তা চাইকেলখন লৈ দিগন্তই প্রথমে তাৰ চাইকেলখন ধানৰ সৈতে মিলত থৈ আহি, মােৰ চাইকেলখন লৈ যায়। যদি কেতিয়াবা দিগন্ত মােৰ লগত নাযায়, তেতিয়া মই পুৱাই গৈ ধান খুন্দা ঘৰৰ মানুহ নুঠোতেই ধানৰ বস্তা লৈ বহি থাকোঁ।
কি যে দিন আছিল? সিহঁতৰ ছােৱালীকেইজনীক দেখি মােৰ অলপকৈ লাজ লাগিছিল। সিহঁতে বাৰু মােৰ কথা স্কুলত কৈ দিব নেকি ?
মতা ল’ৰাৰ নিচিনাকৈ ধান বানিবলৈ আহিছে বুলি ?
এহ ক’লেও ক’ব দে। মই বানিবলৈ নাহিলে কোনে বানি নিব আমাৰ ধান ?
ডিমৌ চাৰিআলিত ধান বনা, বজাৰ কৰা, ঘৰত খৰি ফলা, ধান জৰা, চাউল জৰা সকলাে কামেই কৰিছিলোঁ, অসুখ হােৱাৰ আগত চৈধ্য বছৰ বয়সলৈকে।
.......
আমাক চি.এম.চি ৰে এখন অলপ দূৰৈত থকা, ব্যায়াম কৰা বিভাগ এটালৈ পিছদিনা আবেলি হাস্পতালৰ গাড়ীৰে লৈ গ’ল।
আমি এটা নতুন পৰিবেশত ভৰি দিলোঁ। শুভ্র কাপােৰ পৰা ষ্টেছাৰ এখনত মােক হাস্পতালৰ কৰ্মীকেইজনে তুলি নি এখন শুভ্র কাপােৰ পৰা বিছনাত শুৱাই দিলে। লগে লগে তৎপৰ হ’ল হাস্পতালৰ নাৰ্ছসকল মােৰ প্রাথমিক কামবিলাক কৰিবলৈ।
কোনােবা এগৰাকী নাছে আহি ক’লে— ইয়াত এটা অসমৰ পৰিয়াল আহি আছে।
কোনােবা এগৰাকীয়ে আহি ঘৰ ক’ত, কি হৈছে সুধিলে।
নানানটা প্ৰশ্নৰ উত্তৰ দিবলগীয়াত পৰিছিল মাৰ।