আঠ বছৰে একেৰাহে তলপেট কৰি একেটা ভাঁজতে শুই থকা গতিকে, কঁকাল ভৰি সকলাে ভাঁজ হৈ গ’ল। সেই বেঁকা ভঁজবােৰ পােন কৰিবলৈ এতিয়া নতুন পদ্ধতি প্রয়ােগ কৰিছে।
অসহনীয় যন্ত্রণা। হৰ্-হৰ্কৈ চকুপানী বৈ থাকে। অলপ সময় টিল্ট টেবুলত থিয় কৰাই দিয়াৰ লগে লগে মূৰটো আচন্দ্রাই কৰে। এটা বস্তু দুটা দুটা দেখাে। বমি বমি ভাব আহে। শ্বৰীফ ছাৰে ধেমালি কৰি কৰি প্রতি মিনিটতে সুধি থাকেহি— মুঝে এক দেখা য়া দো দেখা। ভৰিৰ ব্যায়ামতাে আছেই। শ্বৰীফ ছাৰে কষ্ট নােপােৱাকৈ ভৰিৰ ব্যায়ামখিনি বহুত কোমলকৈ কৰে। ডাক্তৰে এম.আৰ.আই. চাই কৈছে, আঠ বছৰত মােৰ ভৰিৰ হাড়, মজ্জাবােৰ শুকাই বিস্কুটৰ দৰে হৈ গ’ল। অলপ কষ্ট পালেই ভাগি যাব। ঠুনুকা হৈ পৰিল কঁকালৰ নিম্ন অংশ। সেয়ে বল প্রয়ােগ কৰিলে ভাগি যাব সহজে।
বহুদিনৰ অন্তৰত বাবুৱে ঘৰৰ পৰা লৈ যােৱা মােৰ পছন্দৰ হিন্দীৰ নতুন আন্দাজ চিনেমা খনৰ গীত এটা লগাই দিলে পি.টি.ৰ টেপ্ ৰেকৰ্ডাৰটোত। মনটোৱে পাখি মেলি বা আৰু মালাৰ ওচৰ পালেহি।
আমাৰ ঘৰত মায়ে এজনী গৰু পুহিছিল। চি.এম.চি. লৈ যােৱাৰ আগতে। গৰুজনীয়ে এটা দমৰা পােৱালি জন্ম দিয়াৰ পিছত দিনে দুই লিটাৰমান গাখীৰ দিয়ে। মায়ে সদায় গাখীৰখিনি খীৰাই আনি মােৰ ওচৰত বহি হুমুনিয়াহ কাঢ়ি কাঢ়ি গাখীৰ চেকি চেকি কৈ থাকে— আজি অকণমান খাবি দে! একো নহয়। পায়খানা হ’লে, মই পৰিষ্কাৰ কৰি দিম। তই গাখীৰ অকণ নাখালে মােৰ মনটোৱে বহুত দুখ পায়। চাচোন ইমানখিনি গাখীৰৰ অকণমানো তােক খুৱাব নােৱাৰোঁ যেতিয়া টকাৰ অভাৱত এপােৱা গাখীৰ আনৰ পৰা স্কুল যােৱাৰ আগতে, দুকাপ চাহলৈ গাখীৰ ৰাখি সেই অকণ অকণ গাখীৰকে দিওঁ, তাকে এলাহ কৰি হ’লেও খাইছিলি। আজি এলাহৰ লগতে তই তােৰ পেটটোকো মাৰি পেলাইছ। প্রস্রাৱ-পায়খানা হয় বুলি একোকে নাখাৱ৷
গৰুজনীয়ে জন্ম দিয়া দমৰা পােৱালিটো ডাঙৰ কৰি বেছি দি পােৱা টকাকেইটা আমি এটা আনৰ পৰা পুৰণা গান শুনা টেপ কিনি আনিছিলোঁ। এতিয়া আমাৰ কাম