পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’বলৈ ধৰিলে। মোক শুভেচ্ছা জনাবলৈ অহা প্ৰায়বোৰ ব্যক্তিয়ে মোলৈ বুলি কিতাপৰ একো একোটা টোপোলা লৈ আহিছিল, যিসকলে মোক কলম চলাই যাবলৈ উৎসাহ যোগাইছিল। এই হৃদয়বান ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহাৰ পাছতহে মই বাহিৰৰ সুন্দৰ জগতখনৰ সম্ভেদ পাইছিলোঁ।

 বন্ধ কোঠালিত থাকি মই অনুমানেই কৰিব পৰা নাছিলোঁ যে বাহিৰতো ইমান সুন্দৰ মনৰ মানুহৰ পৃথিৱী এখন আছে।

 ২০১১ চনৰ ২৪ ব’হাগত আমাৰ আশা পূৰ্ণ কৰিবলৈ স্বনামধন্য হোমেন বৰগোহাঞি ছাৰ, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ডাঃ সৌৰভ ভূঞা, ডাঃ ৰুবী কটকী, বিনু ভূঞা আদি আমাৰ ঘৰত উপস্থিত হৈ আমাক ধন্য কৰিলে। প্ৰত্যেকজনে মোৰ কাৰণে কিতাপৰ উপহাৰ লৈ আহিছিল।

 নতুনকৈ হৃদয়ৰ বান্ধোনেৰে বান্ধ খালে শৰ্মিষ্ঠা প্ৰীতম, অনিন্দিতা কলিতা, ৰশ্মিৰেখা ভূঞা, ছয়নিকা ভূঞা, ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, বিদ্যাৱতী গগৈৰ দৰে জীৱন-যুঁজত পৰাজয় নোহোৱা বিজয়ী, সাহসী সহযাত্ৰী। ‘মটৰ নিউৰণ’ৰ দৰে জটিল ৰোগত আক্ৰান্ত জেছমিন আৰা আহমেদৰ যন্ত্ৰণাৰ তুলনাত মোৰ যন্ত্ৰণা নগণ্য যেন অনুমান হ'ল।

 এদিনাখন আনৰ দুখত দুখী হ’ব পৰা তেজপুৰৰ ডাঃ গোপেন্দ্ৰ মোহন দাসে আমাৰ গৃহত উপস্থিত হৈ মোক ক’লে— “তুমি তোমাৰ ভাৱসমূহ কবিতাৰ আকাৰত প্ৰকাশ কৰি যোৱা। মই এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াই দিম, তোমাৰ কবিতাৰে।

 ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহ। মোৰ প্ৰথম কবিতা সংকলন ‘বেদনাৰ মিঠা মাদকতা’ প্ৰকাশ হৈ ওলাল। ডাঃ গোপেন্দ্ৰ মোহন দাসৰ প্ৰচেষ্টাত। অসমৰ বহু গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতি, কৰুণাধাৰা ন্যাসৰ শ্ৰীযুত নিশিনাথ চাংকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘বেদনাৰ মিঠা মাদকতা’ উন্মোচন কৰিলে হাস্যৰসিক, গায়ক, মোক হৃদয়ত স্থান দিয়া ডাঃ অঞ্জনজ্যোতি চৌধুৰীদেৱে।

 এয়াই আৰম্ভণি। জীৱনৰ ঘাত-প্ৰতিঘাত; দুখ-বেদনাক মনৰ দৃঢ়তাৰে দমন

১৬৭