পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তহঁতৰ কিবা আপত্তি আছে নেকি? মই মোৰ পছন্দৰ ’ৰজা’ নিজে বাছি ল’লে?

 মোৰ কথা শুনি আটাইকেইজনীয়ে গিৰ্জনি মাৰি হাঁহি উঠিছিল।

 মই উন্মুক্ত আকাশৰ তলত মুক্ত বিহংগিনীৰ দৰে ফুৰিছিলোঁ। অস্তগামী সূৰুযৰ ৰহণীয়া সৌন্দৰ্যৰ লগত একাত্ম হ'বলৈ আবেলি পথাৰলৈ গৈছিলোঁ বাইদেউ আৰু মালাৰ লগত। পথাৰত হাঁহি, আনন্দৰ এমুঠি সুগন্ধি বিয়পায়, আকাশখন ক্ৰমাৎ তামবৰণীয়া হ'লেই আকৌ ঢাপলি মেলিছিলোঁ ঘৰলৈ। নাছিল তাত মেঘে ঢকা আকাশ। দুখ-বেদনা শব্দবোৰৰ লগত পৰিচয়ো হোৱা নাছিলোঁ। আছিল মাথোঁ পোহৰ, মাথোঁ পোহৰ। প্ৰতিটো ঋতুত চোতালৰ আগত নতুনকৈ সজা ফুলনিখনত ৰঙা-বগা, থোপা-থোপে ফুলা ফুলবোৰ মোৰ চকুত অতুলনীয় আছিল। তন্ময় হৈ শুনিছিলোঁ জীৱনৰ মাধুৰ্য ভৰা গীতবোৰ। কোঁচ ভৰাই তুলিছিলোঁ পথাৰৰ মাজত থকা শিমলু গছজোপাৰ পৰা মোৰ অতি প্ৰিয় ৰং ৰঙা শিমলু ফুলবোৰ। বকুল ফুলৰ মালা গাঁথি ঘৰত সুগন্ধি বিয়পাই ৰাখিছিলোঁ। গোলাপৰ পাপৰিয়ে সুশোভিত হৈ উঠা ফুলনিখনেও মোক অধিক পুলকিত কৰি তুলিছিল। স্কুলৰ পৰা আহি ভাতকেইটা খায়ে সৰুমণি, আইমণি, বাবু, বা আৰু মালা আটাইকেইটাই ভাত-ধেমালি খেলাত ব্যস্ত হৈ পৰিছিলোঁ। মোৰ সংগীকেইজনীয়ে সদায় আমাৰ ঘৰত খেলিবলৈ আহিবলগীয়াত পৰিছিল। মই সিহঁতৰ ঘৰত গৈ খেলিবলৈ বেয়া পাওঁ, গতিকে সিহঁতেই আহিছিল। দেওবাৰ নাইবা বন্ধৰ দিনটো আমাৰ কাৰণে ‘মহাসুখ’ৰ দিন আছিল৷ বাকীকেইটা দিনত স্কুল, টিউশ্যন থকাৰ কাৰণে খেলিবলৈ সময়ৰ অভাৱ হৈছিল।

 আমাৰ আগফালৰ বাৰীত, গোসাঁইঘৰটোৰ পিছফালে এটা ভাত-ধেমালি খেলা ঘৰ সাজি লৈছিলোঁ। সাজি লোৱা ঘৰটোত তামোলৰ ঢকুৱা দি ভাগ ভাগ কৰি এটা বহা কোঠা, এটা পাকঘৰ আৰু এটা গোসাঁইঘৰ বনোৱা হৈছিল। বিছনা আছিল তলত ধানখেৰ পাৰি ওপৰত ফটা বিছনা চাদৰ পৰা। আলহী আহিলে চাহ দিবৰ বাবে দেউতাই চাকৰি কৰা ঠাইৰ পৰা আনি দিয়া সৰু সৰু ৰঙা প্লাষ্টিকৰ কাপপ্লেট ব্যৱহাৰ কৰিছিলোঁ। চাহৰ লগত খাব দিবলৈ মাটি-পানী মিহলাই সৰু সৰু লাড়ু

কৰি ৰসগোল্লা, ঘিলা পিঠা আদি বনাই ৰ'দত শুকুৱাই থোৱা সকলো কামেই হৈছিল

২৭