পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ক’ৰ পৰা কেঁচুৱাৰ কান্দোন আহিছে আমি ইফালে সিফালে চকু ফুৰালোঁ।

 আমাক আচৰিত কৰি মানুহগৰাকীয়ে কান্ধত ওলোমাই অনা আন এটা ক'লা ৰঙৰ জোলোঙাৰ পৰা পোন্ধৰ-ষোল্লদিনীয়া পানী কেঁচুৱা এটা উলিয়াই আনি নিজৰ স্তনত কেঁচুৱাটোৰ মুখখন গুজি দি স্তন পিব দিলে। কেঁচুৱাটোৱে একেবাৰে নিশ্চুপ হৈ স্তন পি থাকিল৷ আৰু মানুহগৰাকীয়ে তন্ত্ৰ-মন্ত্ৰ জপ কৰি কৰি মুখেৰে কিবা- কিবি বিৰবিৰাই থাকিল।

 কোঠাটোত উপস্থিত থকা মা, বা, মালা, বাবু আৰু মোৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। মায়ে ভয়তে বা-মালাহঁতক কোঠাটোৰ পৰা উলিয়াই পঠিয়ালে।

 মই মাথোঁ ভীতিবিহ্বল হৈ চাই আছিলোঁ দৃশ্যবোৰ। বহু সময় তন্ত্ৰ-মন্ত্ৰ কৰি মানুহগৰাকী যাবলৈ ওলাল, মই দুই-এদিনতে বিছনা এৰি বাহিৰে ভিতৰে ফুৰিব পাৰিম বুলি আশ্বাস দিলে।

 তেওঁ আৰু ক'লে— মোৰ কাৰণে তন্ত্ৰ-মন্ত্ৰ মতাৰ হৈ এক হাজাৰ টকা দিব লাগিব, তাকো মোৰ হাতেৰে, মোৰ হাতেৰে দিয়া টকাখিনিৰ জৰিয়তে মোৰ বেমাৰটো তেওঁ মোৰ গাৰ পৰা আঁতৰাই নিব। বিমোৰত পৰিল মা। মানুহগৰাকীক টকা নিদিওঁ বুলি ক'বলৈ সাহস গোটাব পৰা নাছিল। মায়ে জানিছিল, মই তেওঁৰ তন্ত্ৰ- মন্ত্ৰত ভাল নহওঁ। ল'ৰাজনে বাধ্য কৰা গতিকেহে তেওঁৰ কথা বিবেকে নক'লেও শুনিবলগীয়া হৈছিল।

 কিন্তু ইমান টকা ক’ত পাব?

 দেউতা কৰ্মসূত্ৰে আমাৰ পৰা আঁতৰত থাকে, গতিকে মাহত এবাৰ টকা- পঠিয়ায় ঘৰ চলিবলৈ। তাৰে সিংহভাগ মোৰ লগত খৰচ হয়। ঘৰখনৰ প্ৰতিটো লাগতিয়াল বস্তু কিনিব লাগে, বাহঁতৰ পঢ়াৰ খৰচকে ধৰি সকলোখিনি সেই তাকৰীয়া টকাকেইটাৰে মায়ে জোৰা-টাপলি মাৰি চলাব লাগে।

 মায়ে গাঁৱৰ কাৰোবাৰ ঘৰত এক হাজাৰ টকা ধাৰে পায় নেকি, বিচাৰিবলৈ ওলাই গ'ল।

 অলপ সময় পিছত মা টকা লৈ ঘূৰি আহিল। টকাকেইটা মানুহগৰাকীক দিব

ধৰোঁতে তেওঁ মোৰ হাতেৰে ল'ম বুলি ক'লে। মায়ে মোৰ হাতত টকাকেইটা তুলি

১৮